মুকেশ আম্বানী আৰু পৰিয়ালক হত্যাৰ ভাবুকি! বিহাৰৰ পৰা গ্ৰেপ্তাৰ মানসিকভাৱে অসুস্থ অভিযুক্তক

নিউজ ডেস্কঃ দেশৰ অন্যতম ধনাঢ্য ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰা এজন ব্যক্তিক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।

মুম্বাই আৰক্ষীয়ে অভিযান চলাই বিহাৰৰ দাৰভাঙা জিলাৰ মণিগাছিৰ ব্ৰহৰাপুৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাকেশ কুমাৰ মিশ্ৰ নামৰ অভিযুক্তজনক।

photo1665057539
মুকেশ আম্বানী আৰু পৰিয়ালক হত্যাৰ ভাবুকি! বিহাৰৰ পৰা গ্ৰেপ্তাৰ মানসিকভাৱে অসুস্থ অভিযুক্তক 3

উল্লেখ্য যে, অভিযুক্ত ৰাকেশে ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালৰ লেণ্ডলাইনত ফোন কৰি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ লগতে হাস্পতালখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল।

ইয়াৰ পিছতে সক্ৰিয় হৈ পৰা মুম্বাই আৰক্ষীয়ে তথ্যৰ আধাৰত অভিযান চলাই বিহাৰৰ দাৰভাঙাত উপস্থিত হয়।

image 60
মুকেশ আম্বানী আৰু পৰিয়ালক হত্যাৰ ভাবুকি! বিহাৰৰ পৰা গ্ৰেপ্তাৰ মানসিকভাৱে অসুস্থ অভিযুক্তক 4

মুম্বাই আৰক্ষীয়ে সাধাৰণ পোছাকত ৰাকেশ কুমাৰ মিশ্ৰৰ ঘৰত উপস্থিত হৈ তাৰ পৰাই অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে।

আনহাতে অভিযুক্ত ৰাকেশ মিশ্ৰ মানসিকভাৱে অসুস্থ বুলি মন্তব্য কৰিছে গাঁওবাসীয়ে।

ইফালে অভিযুক্তজনক গ্ৰেপ্তাৰৰ পিছতে মুম্বাইলৈ লৈ আনে আৰক্ষীয়ে।

কিন্তু ৰাকেশ মিশ্ৰৰ গ্ৰেপ্তাৰ লৈ ক্ষোভ ব্যক্ত কৰিছে তেওঁৰ গাঁওবাসীয়ে। আৰক্ষীয়ে ৰাকেশ কুমাৰ মিশ্ৰৰ মানসিক অসুস্থতাৰ কথা তদন্তৰ আৰম্ভ কৰাৰ সময়তে জানিব লাগিছিল বুলি ক্ষোভ প্ৰকাশ কৰে গাঁওবাসীয়ে।