fbpx
অসম

মিনি দিছপুৰত পৰিণত ঊষা নগৰী! আজি তেজপুৰত অসম চৰকাৰৰ কেবিনেট বৈঠক

মিনি দিছপুৰত পৰিণত ঊষা নগৰী তেজপুৰ।

জাক-জমকতাৰে তেজপুৰত আজি অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক।

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত এইখন হৈছে প্ৰথমখন কেবিনেট।

ইফালে দিছপুৰত বাহিৰত অনুষ্ঠিত হোৱা বৈঠক সমূহৰ ভিতৰত এইখন হৈছে চতুৰ্থখন কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে জিলাখন আটকধুনীয়াকৈ সজাই তোলা হৈছে।

ইফালে বৈঠকৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰিছে যে, মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিব তেজপুৰৰ উন্নয়নৰ ভাল লগা কথা।

আজিৰ বৈঠকত তেজপুৰৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ কৰা প্ৰয়োজন যে, তেজপুৰৰ বাটমাৰিত ৰাজ্য চৰকাৰে মাত্ৰ তিনি মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা অধিৱেশন হলটো পুৱা ১০ বজাত মুকলি কৰা হয়।

মুকলিৰ পাছতেই এই হলটোত সম্পন্ন হয় ৰাজ্যিক কেবিনেট বৈঠক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!