
নিউজ ডেস্কঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন হোৱা মিঞা মিউজিয়ামত লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ সপোন সাৰ্থক নোহোৱাৰ পিছত গোৱালপাৰাৰ লক্ষীপুৰত অসম-মিঞা (অসমীয়া) পৰিষদে স্থাপন কৰা মিঞা মিউজিয়াম দেওবাৰে উদ্বোধন হোৱাৰ পিছতে সৰৱ হৈ পৰিছে বিভিন্ন জন।
শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনেও মিঞা মিউজিয়ামৰ বিৰোধিতা কৰি ইয়াক শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপকালত বিধায়ক ফুকনে কয় যে মিঞা মিউজিয়ামৰ নামত যি ভেল্কীবাজী আৰম্ভ কৰা হৈছে, সেয়া চৰকাৰে শীঘ্ৰে বন্ধ কৰিব লাগে।
মিঞা মিউজিয়ামত ৰাখিবলৈ একো নাই বুলি মন্তব্য কৰি প্ৰশান্ত ফুকনে কয় যে এই মিউজিয়াম স্থাপন কৰি অসমক ভাগ ভাগ কৰিব বিচৰা হৈছে।
অসমক বিভক্ত কৰাৰ শ্বেৰমান আলীয়ে যি সপোন দেখিছিল, সেয়া এই মিউজিয়াম স্থাপনৰ জৰিয়তে স্পষ্ট হৈ পৰা বুলিও মন্তব্য কৰে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।
ইফালে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, শিলাদিত্য দেৱ আদিয়েও।