মিজোৰামৰ পৰা অহা বাছত উদ্ধাৰ হেৰোইন-বাৰ্মিজ চুপাৰি, আটক বাছ চালক…

মিজোৰামৰ পৰা অহা বাছত উদ্ধাৰ হেৰোইনৰ লগতে বাৰ্মিজ চুপাৰি।

কাছাৰ আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এখন বাছত অভিযান চলাই উদ্ধাৰ কৰে ২৪ গ্ৰাম হেৰোইনৰ সৈতে অবৈধভাৱে অনা ২০ বস্তা বাৰ্মিজ চুপাৰি।

মিজোৰামৰ পৰা অহা MZ 05A 0498 নম্বৰৰ বাছখন কাছাৰৰ লাইলাপুৰত নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰা হয়।

ইতিমধ্যে বাছখনৰ চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে।

Leave a Comment