মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই

নিউজ ডেস্কঃ বুধবাৰে শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই।

পুৱা গুৱাহাটীত উপস্থিত হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে দৰ্শন কৰে মা কামাখ্যা মন্দিৰ।

photo1661335739
মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই 3

মন্দিৰ দৰ্শন কৰি টুইটযোগে এই কথা জানিবলৈ দিয়ে মাণিক সাহাই।

photo1661335728
মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই 4

টুইটাৰত তেওঁ লিখিছে, ‘শক্তিপীঠ আৰু তন্ত্ৰ সাধনাৰ স্থলী গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত আজি পূজা সম্পন্ন কৰিলোঁ। ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম এই মন্দিৰত দেৱীৰ ওচৰত ত্ৰিপুৰাবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো।’

উল্লেখ্য যে, কিছুদিন পূৰ্বে দক্ষিণ ভাৰতৰ চুপাৰষ্টাৰ মোহনলাল আৰু বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজেও মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অসমলৈ আহিছিল।