fbpx
ৰাষ্ট্ৰীয়অসমীয়া

‘মা, আমি ঘৰলৈ উভতিছো…’! কিন্তু মাতৃৰ কাষ পোৱাৰ পূৰ্বেই ঘটিল শােকাৱহ ঘটনা…

নিউজ ডেস্ক। ”মা, ইয়াত বহুত জাৰ পৰিছে। আজি আমি ঘৰলৈ উভতিছো…। তোমাৰ মোবাইল নম্বৰত ৰিচাৰ্জ কৰি দিছো, চাই লোৱা…।’’

-এয়া আছিল ডা০ সতীশ পুনিয়াই মাতৃলৈ কৰা অন্তিমটো ফোন কল। পত্নী, পুত্ৰ-কন্যাৰ লগতে ভাতৃৰ পৰিয়ালটোৰ সৈতে হিমাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিল ৰাজস্থানৰ চিকাৰৰ নিৱাসী ডাঃ সতীশ পুনিয়া।

১৮ এপ্ৰিল, অৰ্থাৎ সোমবাৰে তেওঁলোকে উভতিছিল গৃহাভিমুখে।

নতুনকৈ কিনা বাহনখনেৰে গোটেই পৰিয়ালটো ঘৰলৈ উভতাৰ পথতেই সংঘটিত হ’ল কৰুণ দুৰ্ঘটনা।

p1 22

পঞ্জাৱৰ ৰূপনগৰত অভাৰটেকৰ সময়ত বিপৰীত দিশৰ পৰা অহা বাহনখন খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে তেওঁলোকৰ বাহনখন। যাৰ ফলত মৃত্যুক সাৱটি লয় ডাঃ সতীশ পুনিয়াৰ লগতে পৰিয়ালটোৰ ৭ গৰাকী সদস্যই।

2 3

এই দুৰ্ঘটনাৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে ডাঃ সতীশ পুনিয়াৰ বৃদ্ধ পিতৃ-মাতৃক।

মঙলবাৰে পুৱা তেওঁলোকে লাভ কৰে এই দুৰ্ঘটনাৰ খবৰ। তাৰ পিছতে পুত্ৰৰ সৈতে হোৱা অন্তিম ফৌনিক বাৰ্তালাপৰ কথা সুঁৱৰি শোকত ভাগি পৰিছে বৃদ্ধ মাতৃ। বাৰে বাৰে মনত পেলাইছে কণমানি নাতি দক্ষক।

p8 1

জানিব পৰা মতে, ডা০ সতীশ পুনিয়া আৰু তেওঁৰ ভাতৃৰ পৰিয়ালে হিমাচল প্ৰদেশৰ পৰা উভতি অহাৰ পথত পঞ্জাৱৰ ৰূপনগৰৰ ঘানাউলীত অভাৰটেকৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাছে তেওঁলোকৰ বাহনত খুন্দা মাৰে। যাৰ ফলত চিকিৎসকগৰাকীৰ পৰিয়ালে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং ভাঙি পথৰ কাষৰ খাৱৈত বাগৰি পৰে।

3 4

এই দুৰ্ঘটনাত ডা০ সতীশ পুনিয়াৰ লগতে তেওঁ পত্নী সৰিতা পুনিয়া, পুত্ৰ দক্ষ, কন্যা গুড়িয়া, ভাতৃ ৰাজেশ দেউণ্ডা, তেওঁৰ পত্নী আৰু কন্যাৰ ঘটনাস্থলীতে মৃত্যু ঘটে। দুৰ্ঘটনাত পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

4 1

জানিব পৰা মতে, পূৰ্বে বিএছএফত কৰ্মৰত আছিল সতীশ পুনিয়া। তাৰ পিছত তেওঁ আৰপিএমটি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ৰাজস্থানৰ এখন চৰকাৰী চিকিৎসালয়ত চাকৰিত যোগদান কৰে৷

3 2 1

অন্যহাতে ১৮ এপ্ৰিলত সতীশ পুনিয়াই শেষবাৰৰ বাবে মাতৃৰ সৈতে ফোনত কথা পাতিছিল। সেই সময়ত তেওঁ হিমাচল প্ৰদেশত প্ৰচণ্ড শীত পৰাৰ কথা কৈছিল। মাতৃৰ মোবাইল নম্বৰত ৰিচাৰ্জ কৰি দি কৈছিল- আমি সোনকালে গৈ পাম।

p7 3

কিন্তু নিয়তিৰ পৰিহাসত পিতৃ-মাতৃৰ কাষ পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি ল’বলগীয়া হয় ডাঃ সতীশ পুনিয়া আৰু তেওঁৰ গোটেই পৰিয়ালটোৱে। এই শোকাবহ দুৰ্ঘটনাই দুখৰ ছায়া নমাই আনিছে ৰাজস্থানৰ চিকাৰত।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বৃদ্ধিৰ বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

G3 21

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!