মাৰাডােনাৰ ঘড়ী চােৰৰ ঘৰত আৰক্ষীৰ অভিযান, জব্দ হ’ল বহু মূল্যৱান সামগ্ৰী…

কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়েগ’ মাৰাডােনাৰ ঘড়ী চােৰৰ ঘৰত আৰক্ষীৰ অভিযান।

ডিয়াগ’ মাৰাডােনাই স্বাক্ষৰ কৰা ব্যয়বহুল ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হয় অসমৰ এজন লােক।

ডুবাই আৰক্ষীৰ সহযােগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰৰ ৱাজিদ হুছেইনক।

এই চাঞ্চল্য মাৰ নৌযাওতেই অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দেওবাৰে ৰাতিপুৱা কৰা এটা টুইটে এই বিষয়টোক লৈ পুনৰ কৌতুহলৰ সৃষ্টি কৰিছে।

জি পি সিঙে টুইটটোৰ জৰিয়তে কয় যে অভিযুক্তজনৰ পৰা আৰু অধিক স্মৃতি চিহ্ন উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ হৈছে- জেকেট, ট্ৰেক পেণ্টছ, টি-চাৰ্ট, জোতা, ষ্টাফড টয়, স্কোৱাছ ৰেকেট, ঘড়ী, লাইটাৰ, টুপী আৰু এটা আই পেড।

শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নেতৃত্বত এটা দলে চৰাইদেউ জিলাৰ মৰাণহাটৰ খুমটাইস্থিত ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰত অভিযান চলাই এই সামগ্ৰী সমূহ উদ্ধাৰ কৰিছে।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ কিমান সংখ্যক মাৰাডোনাৰ আছিল বা ইয়াৰ গৰাকী আন কোনোবা নেকি সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, যোৱা বছৰৰ ২০ নৱেম্বৰত আৰ্জেণ্টিনাৰ এইগৰাকী কিংবদন্তি ফুটবলাৰৰ মৃত্যু হৈছিল।

মাৰাডোনাই স্বাক্ষৰ কৰা হাবলট কোম্পানীৰ বিলাসী ঘড়ী সংৰক্ষণ কৰা ডুবাইৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল অসমৰ শিৱসাগৰৰ বাসিন্দা ৱাজিত হুছেইন।

কিন্তু সেই ব্যয়বহুল ঘড়ী চুৰি কৰি ৱাজেদে যোৱা আগষ্ট মাহত অসমলৈ আহি আত্মগোপন কৰিছিল।

লগতে চাওকঃ

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদৰ পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Comment