মাৰণাস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পন…

মাৰণাস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পন।

ইষ্টাৰ্ণ নাগা নেশ্যনেল গৱৰ্ণমেণ্ট চমূকৈ ENNG নামৰ সশস্ত্ৰ সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰে।

মাৰণাস্ত্ৰসহ সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আত্মসমৰ্পণ কৰে উগ্ৰপন্থী সদস্যজনে।

টিৰাপ জিলাৰ উপায়ুক্ত, অৰুণাচল আৰক্ষী আৰু ৬ আছাম ৰাইফলছৰ বিষয়াবৰ্গৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি অহা দুৰ্ধৰ্ষ সদস্যজন স্বয়ম্ভু কেপ্তেইন আলাং নডাম বুলি প্ৰকাশ।

image 114
মাৰণাস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পন… 2

চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ খাচা গাঁৱৰ আলাং নডামে বিগত ২০১৬ চনত সশস্ত্ৰ সংগঠনটোত যোগদান কৰিছিল৷

আত্মসমৰ্পণৰ সময়ত নডামে এটা পইণ্ট ৩২ এম এম পিষ্টল, এটা মেগজিন আৰু কেইবা জাই সজীৱ গুলী জমা দিয়ে।