মামা আমাক স্কুটী দিয়ক… এইবাৰ মুখ্যমন্ত্ৰীৰ পৰা স্কুটী বিচাৰি ৰাজপথ কঁপালে অৰ্ধশতাধিক ছাত্ৰীয়ে

নিউজ ডেস্কঃ প্ৰতিবাদ আপুনি হয়তো বহু দেখিছে, শুনিছে। প্ৰতিবাদেৰে ৰাজপথ কঁপাই আহিছে বিভিন্ন দল-সংগঠনে। কিন্তু এইবাৰ প্ৰতিবাদত নামিল ছাত্ৰী। ‘মামাৰ পৰা স্কুটী বিচাৰি’ এইবাৰ নলবাৰীত ৰাজপথ কঁপালে ছাত্ৰীয়ে।

২০২১ বৰ্ষত প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্কুটী বিচাৰি উত্তাল কৰে নলবাৰী চহৰ। ‘মামা আমাক স্কুটী দিয়ক’, ‘আমাৰ প্ৰাপ্য আমাক লাগিবই’ শ্ল’গানেৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধশতাধিক ছাত্ৰীয়ে।

photo1658830543
মামা আমাক স্কুটী দিয়ক… এইবাৰ মুখ্যমন্ত্ৰীৰ পৰা স্কুটী বিচাৰি ৰাজপথ কঁপালে অৰ্ধশতাধিক ছাত্ৰীয়ে 2

উল্লেখ্য যে, ২০২১ বৰ্ষত সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কোভিড পৰিস্থিতিৰ বাবে মূল্যাংকণ পদ্ধতিত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। যাৰ বাবে সেই বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰদান কৰা হোৱা নাছিল প্ৰজ্ঞান ভাৰতী বঁটা।

কিন্তু কোভিডৰ বাবে আমি জগৰীয়া নেকি বুলি চৰকাৰক প্ৰশ্ন কৰি প্ৰজ্ঞান ভাৰতী বঁটা বিচাৰি নলবাৰীত প্ৰতিবাদত নামে একাংশ ছাত্ৰী।

প্ৰণিধানযোগ্য যে, ২০১৭ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ লাভ কৰা ছাত্ৰীসকলক প্ৰজ্ঞান ভাৰতী বঁটাৰ অধীনত স্কুটী প্ৰদান কৰি আহিছে চৰকাৰে। কিন্তু ২০২১ বৰ্ষত কোভিডৰ বাবে মূল্যাংকণ পদ্ধতিৰেহে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত সেই বৰ্ষত এই বঁটা প্ৰদান কৰা হোৱা নাছিল।

যাৰ বাবে ছাত্ৰীসকলে মামা অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্কুটী বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী এগৰাকী ছাত্ৰীয়ে কয়, ‘কোভিডৰ বাবে আমি জগৰীয়া নেকি? নিৰ্বাচনৰ পূৰ্বে মামাই ছোৱালীক স্কুটী আৰু ল’ৰাক বুলেট দিম বুলি প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীয়ে যিদৰে আনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে, সেইদৰে আমাক দিয়া প্ৰতিশ্ৰুতিও পূৰণ কৰিব লাগিব। আমাৰ প্ৰাপ্য আমাক লাগিবই।’