মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত অসমৰ ২ কিশোৰী! দিল্লীৰ ৰে’লৱে ষ্টেছনত উদ্ধাৰ

নিউজ ডেস্কঃ যোৱা ২৯ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা অসমৰ দুগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে দিল্লীৰ ৰে’লৱে ষ্টেছনত।

দিল্লী আৰু অসম আৰক্ষীৰ উত্তৰ পূৰ্বাঞ্চলৰ শাখাই দিল্লীৰ এটা ৰে’লৱে ষ্টেছনত অভিযান চলাই উদ্ধাৰ কৰে অসমৰ কিশোৰী দুগৰাকীক।

G01
মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত অসমৰ ২ কিশোৰী! দিল্লীৰ ৰে’লৱে ষ্টেছনত উদ্ধাৰ 3

জানিব পৰা মতে, দুয়োগৰাকী কিশোৰী ৰৌতাৰ পৰা যোৱা ২৯ জুলাইত সন্ধানহীন হৈছিল।

কিশোৰী দুগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অৱশেষত দিল্লীৰ পৰা দুয়োগৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

photo1659516904 1
মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত অসমৰ ২ কিশোৰী! দিল্লীৰ ৰে’লৱে ষ্টেছনত উদ্ধাৰ 4

ইফালে কিশোৰী দুগৰাকী কিদৰে অসমৰ পৰা দিল্লীত উপস্থিত হ’ল, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। দুয়োগৰাকী কিশোৰী মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। অইনফালে দুয়োগৰাকী কিশোৰীৰ দিল্লীৰ পৰা অসমলৈ ওভতাই অনা হৈছে।