মানৱ সেৱাৰ লক্ষ্যৰে হাস্পতাল খুলিব দুখীয়াৰ ভগৱান চনু সুদে, বিনামূলীয়াকৈ লাভ কৰিব চিকিৎসা…

দুখীয়াৰ ভগৱান স্বৰূপ চনু সুদে এইবাৰ গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ।

মানৱ সেৱাৰ উদ্দেশ্যেৰে এইবাৰ অভিনেতাগৰাকীয়ে খুলিব এখন চিকিৎসালয়।

অহা ৪-৫মাহৰ ভিতৰতে দুখীয়া মানুহৰ বাবে হায়দৰাবাদত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম আৰম্ভ কৰিব চনু সুদ ফাউণ্ডেচনে।

চিকিৎসালয়খনত দুখীয়া লোকসকলে বিনামূলীয়াকৈ লাভ কৰিব চিকিৎসা।

 অভিনেতা গৰাকীয়ে এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, ‘মই জীয়াই থাকো বা নাথাকো অনাগত ৫০বছৰলৈ ইয়াৰ দুখীয়া মানুহে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা মোৰ লক্ষ্য।’

উল্লেখযোগ্য যে সকলো উন্নত মানৰ চিকিৎসা সেৱা সুবিধা উপলব্ধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চিকিৎসালয়খনৰ পৰিকল্পনা আৰম্ভ কৰিছে চনু সুদে।

Leave a Comment