মানৱতা! বিৰল ৰোগত আক্ৰান্ত ১৫ মহীয়া নিৰ্বানক নতুন জীৱন দিবলৈ ১১ কোটি টকা দান দিলে অজ্ঞাত ব্যক্তিয়ে…

নিউজ ডেস্কঃ এগৰাকী অজ্ঞাত দাঁতাই আগবঢ়োৱা ১১ কোটি টকাৰ বৰঙণিৰ বাবেই নতুন জীৱন লাভ কৰিবলৈ সক্ষম হ’ল এক বিৰল ৰোগত আক্ৰান্ত এটি ১৫ মহীয়া দেৱশিশু।

পিতৃ-মাতৃয়ে পুত্ৰৰ চিকিৎসা ব্যয়ৰ বাবে ক্ৰাউড ফাণ্ডিং কৰি ধন সংগ্ৰহ কৰাৰ সময়তে অজ্ঞাত ব্যক্তিজনে শিশুটিৰ চিকিৎসাৰ বাবে দান কৰে এই বৃহৎ পৰিমাণৰ ধন।

দৰাচলতে কেৰালাৰ সাৰংগ মেনন আৰু অদিতি নায়াৰৰ ১৫মহীয়া পুত্ৰ নিৰ্বাণৰ দেহত চলিত বৰ্ষৰ জানুৱাৰী মাহত ধৰা পৰিছিল স্পাইনেল মাস্কুলাৰ এট্ৰফিট নামৰ এক বিৰল ৰোগ।

এই ৰোগত আক্ৰান্ত লোক ক্ৰমাৎ দুৰ্বল হৈ পৰে আৰু উশাহ-নিশাহত কষ্ট হ’বলৈ ধৰে। নিৰ্দিষ্ট সময়ত চিকিৎসা নকৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে এই ৰোগত আক্ৰান্ত ৰোগীৰ।

আনহাতে এই ৰোগৰ চিকিৎসাও যথেষ্ট ব্যয়বহুল। নোভাৰ্টিছৰ জোলজেনছমা নামৰ ঔষধটো ক্ৰয় কৰাৰ বাবেই প্ৰয়োজন হয় প্ৰায় ২০ লাখ ডলাৰ।

এনে পৰিপ্ৰেক্ষিতত নিৰ্বাণৰ চিকিৎসা কৰিবলৈ গৈ অৰ্থৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হয় পিতৃ-মাতৃয়ে।

যাৰ বাবে তেওঁলোকে ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে চিকিৎসাৰ ধন সংগ্ৰহৰ সিদ্ধান্ত লয়।

কেই সপ্তাহামান পূৰ্বে নিৰ্বাণৰ পিতৃ সাৰংগ আৰু মাতৃ অদিতিয়ে ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে সংগ্ৰহ কৰে প্ৰায় ৫.৪২ কোটি টকা।

কিন্তু নিৰ্বাণৰ চিকিৎসাৰ বাবে তেতিয়াও প্ৰয়োজন আছিল আৰু প্ৰায় ১২ কোটি টকাৰ।

এনে সময়তে এজন অজ্ঞাত ব্যক্তিয়ে ক্ৰাউড ফাণ্ডিঙৰ বাবে দিয়া বেংক একাউণ্টৰ জৰিয়তে নিৰ্বাণৰ চিকিৎসাৰ বাবে প্ৰদান কৰে ১১ কোটি টকা।

যাৰ ফলত এতিয়া কণমানি শিশুটিৰ চিকিৎসা সম্ভৱ হৈ উঠিছে পৰিয়ালটোৰ বাবে।

এই সন্দৰ্ভত নিৰ্বাণৰ পিতৃ সাৰংগ মেননে কয়, ‘আমি নাজানো কোনে এই ধন দান কৰিছিল। আমাৰ বাবে ই এক অলৌকিকতাৰ দৰে। ব্যক্তিজনে নিজৰ পৰিচয় প্ৰকাশ কৰিব বিচৰা নাছিল।’