মানৱতাৰ অপমৃত্যু! মোনাত ভৰাই পথৰ দাঁতিত পেলাই থৈ গ’ল দেৱশিশু…

পুনৰ মানৱতাক লজ্জানত কৰা এক ঘটনা।

স্বাধীনতা দিৱসৰ দিনা শিলচৰৰ কনকপুৰত ৰাজপথত নৱজাতক উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

উদ্ধাৰ হোৱা শিশুটি কন্যা সন্তান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, স্বাধীনতা দিৱসৰ দিনা পুৱা কনকপুৰ শ্যামানন্দ লেনৰ কেইজনমান যুৱকে খোজকাঢ়ি গৈ থাকোতে হঠাৎ পথৰ কাষত পৰি থকা মোনাৰ ভিতৰত শিশুৰ কান্দোনৰ শব্দ শুনা পায়৷

এই কান্দোনৰ শব্দ শুনি যুবক কেইজনে মোনাটো খুলি উদ্ধাৰ কৰে এটি ফুলকুমলীয়া নৱজাত শিশু কন্যা৷

ইয়াৰ পিছতেই খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিক চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজত লৈ যায়।

বৰ্তমান শিশু কন্যাটিৰ শিলচৰ মেডিকেল কলেজত চিকিৎসা চলি আছে৷

Leave a Comment