অসমঅসমীয়া

মানাহত হৰিণাৰ আক্ৰমণত নিহত ৭੦ বছৰীয়া ব্যক্তি

নিউজ ডেস্ক। বাক্সাৰ শালবাৰীত এইবাৰ হৰিণাৰ আক্ৰমণ।

হৰিণাৰ আক্ৰমণত নিহত এজন ৭০ বছৰীয়া বৃদ্ধ।

বাক্সা জিলাত ৰাতিপুৱা মানহৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড হৰিণা পহুৰ আক্ৰমণত নিহত হয় বীৰছা খাড়ীয়া নামৰ এজন ৭০ বছৰীয়া বৃদ্ধ।

বাক্সাৰ জ্ঞাতিগাঁৱত সংঘটিত হয় এই অঘটন।

বীৰছা খাড়ীয়া নামৰ বৃদ্ধ লোকজনৰ ঘৰত প্ৰকাণ্ড হৰিণটোৱে প্ৰৱেশ কৰি আক্ৰমণ কৰে বৃদ্ধগৰাকীক। ফলত মৃত্যু হয় বৃদ্ধ লোকজনৰ।

উল্লেখ্য যে বহুদিন ধৰি হৰিণাটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত।

ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ মৃত বৃদ্ধগৰাকী মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উক্ত ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button