মানাহত পর্যটন মাচুল বৃদ্ধিৰ বিৰুদ্ধে সামূহিক মুণ্ডনেৰে বিক্ষোভ প্ৰদৰ্শন মানাহ সংৰক্ষণ-পর্যটন উন্নয়ন ছ’চাইটীৰ

নিউজ ডেস্কঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন মাচুল বৃদ্ধিৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মানাহ সংৰক্ষণ-পর্যটন উন্নয়ন ছ’চাইটীয়ে।

বুধবাৰে সংস্থাটোৱে সামূহিক মুণ্ডন কাৰ্যসূচীৰে মানাহৰ পৰ্যটকৰ মাচুল বৃদ্ধিৰ লগতে মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰৰ বদলিৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে, যোৱা ৫ জুলাইত মানাহৰ পৰ্যটন ক্ষেত্ৰত বিভিন্ন মাচুল অধিক হাৰত বৃদ্ধি কৰাৰ জাননী প্ৰেৰণ কৰিছিল বিটিছি চৰকাৰে। ইয়াৰ পিছতে এই সিদ্ধান্তৰ বিৰুদ্ধে ৯ জুলাইৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মানাহ সংৰক্ষণ-পর্যটন উন্নয়ন ছ’চাইটীয়ে।

photo1660219229 1
মানাহত পর্যটন মাচুল বৃদ্ধিৰ বিৰুদ্ধে সামূহিক মুণ্ডনেৰে বিক্ষোভ প্ৰদৰ্শন মানাহ সংৰক্ষণ-পর্যটন উন্নয়ন ছ'চাইটীৰ 2

ইফালে যোৱা ২৮ জুলাইত সংগঠনটোৰ নেতৃ বৃন্দই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকো গুৱাহাটীত সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাত তেওঁ শীঘ্ৰে ইয়াৰ সমাধান হ’ব বুলি আশ্বাস দিছিল। তদুপৰি ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ পাইছিল। কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নহল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই।

সেয়েহে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশ দ্বাৰত সংগঠনটোৰ নেতা-সদস্যই সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত মানাহত জীপ ছাফাৰী বন্ধ থাকিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে নেতৃ বৃন্দই।