fbpx
অসম

মাধ্যম বিতৰ্কক লৈ ৩০ জাতীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক, পূজাৰ পিছত ৰাজ্যজুৰি হ’ব আন্দোলনৰ ঘোষণা…

অসমীয়া ভাষা আৰু মাধ্যম বিতৰ্ক সন্দৰ্ভত ৩০ জাতীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক।

সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে বৈঠকত।

বৈঠকত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা কৰে সংঘটনৰ নেতৃত্বই।

সেই অনুসৰি দুৰ্গা পূজাৰ পিছত ৰাজ্যজুৰি হ’ব গণতান্ত্ৰিক আন্দোলন।

লগতে শৈক্ষিক সন্মিলনো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই বৈঠকৰ অন্তত আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য – চৰকাৰে মাধ্যমৰ ওপৰত হাত নিদিব। আওকাণ কৰিলে নচলিব, মানিব লাগিব আমাৰ দাবী।

অসমীয়া ভাষা আৰু মাধ্যম বিতৰ্ক সন্দৰ্ভত হোৱা বৈঠকৰ পিছতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।

আছুৰ সাধাৰণ সম্পাদকজনে কয়- অসমীয়া ভাষা আৰু মাধ্যমক লৈ চৰকাৰৰ আঁকোৰ-গোঁজ মনোভাবক ধিক্কাৰ দিছোঁ, লগতে তেনে মনোভাৱ ত্যাগ কৰিবলৈ দাবী জনাইছোঁ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!