মাদ্ৰাছাত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি কোনো কথা নাইঃ বদৰুদ্দিন আজমল

নিউজ ডেস্কঃ ইটোৰ পিছত সিটো নিজৰ কথাতেই যেন ভুল প্ৰতিপন্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত অব্যাহত থকা মাধ্যম বিতৰ্কৰ মাজতে নিজৰ সিদ্ধান্তত অটল থাকি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গণিত আৰু বিজ্ঞান ইংৰাজীত নপঢ়িলে অসমীয়া ল’ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে।

কিন্তু মুখ্যমন্ত্ৰীৰ এই দাবী ভুল প্ৰতিপন্ন কৰি বৃহস্পতিবাৰে ঘোষণা কৰা NEET ২০২২বৰ্ষৰ পৰীক্ষাত উজ্বলি উঠিবলৈ সক্ষম হ’ল অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনন্যা মেধি। কেৱল তেওঁ সফলতা অৰ্জন কৰাই নহয়, বৰঞ্চ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থানো দখল কৰে অনন্যা মেধিয়ে।

photo1662721654
মাদ্ৰাছাত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি কোনো কথা নাইঃ বদৰুদ্দিন আজমল 4

অনন্যাৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰীৰ দাবীক ভুল প্ৰতিপন্ন কৰোৱালে আজমল চুপাৰ ৪০য়েও। মাদ্ৰাছাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী চিকিৎসক-ইঞ্জিনিয়াৰ নহয় বুলি মাদ্ৰাছা শিক্ষাক ক্ষুৰধাৰ সমালোচনা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুল বুলি প্ৰমাণ কৰি এইবাৰ NEET ২০২২বৰ্ষৰ পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল আজমল চুপাৰ ৪০ৰ ২৪০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে। নিঃসন্দেহে এই সফলতা লাভ কৰা শিক্ষাৰ্থী সকলৰ ভিতৰত আছে মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীও।

photo1662721664
মাদ্ৰাছাত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি কোনো কথা নাইঃ বদৰুদ্দিন আজমল 5

শেহতীয়াকৈ মাদ্ৰাছা শিক্ষা কেৱল জেহাদৰ বাবে, মাদ্ৰাছাত জেহাদীৰ কাৰ্যকলাপ চলে আদি অভিযোগ তুলি মাদ্ৰাছা উচ্ছেদ অভিযানত নামিছে অসম চৰকাৰ। ইতিমধ্যে জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ তথ্যৰ ভিত্তিত উচ্ছেদ কৰা হৈছে ৪ খনকৈ মাদ্ৰাছা।

মাদ্ৰাছা শিক্ষা সন্দৰ্ভত চৰকাৰৰ নেতিবাচক দৃষ্টিভংগীৰ মাজতে আজমল চুপাৰ ৪০ৰ পৰা ২৪০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰাক লৈ আনন্দ ব্যক্ত কৰিছে সাংসদ তথা এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে।

photo1662721671
মাদ্ৰাছাত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি কোনো কথা নাইঃ বদৰুদ্দিন আজমল 6

চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে মাদ্ৰাছাত পঢ়া ছাত্ৰ-ছাত্ৰী ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি ধাৰণা কৰাটো ভুল। আজমল চুপাৰ ৪০ৰ পৰা সৰ্বভাৰতীয় NEET ২০২২বৰ্ষৰ পৰীক্ষাত যিসকলে সফলতা লাভ কৰিছে, তাৰ ভিতৰত কমেও ৩০-৪০ জন শিক্ষাৰ্থী মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰা। এতিয়া তেওঁলোকক ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাত কোনে বাধা প্ৰদান কৰিব পাৰিব?

মাদ্ৰাছা বন্ধ কৰাটোৱেই সমাধান নহয় বুলি মন্তব্য কৰে আজমলে কয় যে যদি চৰকাৰে মাদ্ৰাছাত বিজ্ঞান, গণিত পঢ়ুৱাব নোৱাৰে, তেন্তে আজমল চুপাৰ ৪০ক দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক সঠিক শিক্ষা প্ৰদান কৰি বিজ্ঞানী, চিকিৎসক, অভিযন্তা হিচাপে গঢ় দিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।