অসম

মাদ্ৰাছাত জেহাদীৰ ঘাটী! মাদ্ৰাছাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ…

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীত জেহাদী চক্ৰ উৎখাত আৰক্ষীৰ।

মুফটি মুস্তাফা নামৰ এজন বাংলাদেশী জেহাদী লিংকমেন গ্ৰেপ্তাৰ আৰক্ষীৰ।

তথ্য অনুসৰি মুস্তাফাই চলাই আছিল জমিউল হুদা মাদ্ৰাছা।

উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মৈৰাবাৰীত এখন মাদ্ৰাছাৰ এজন শিক্ষকক বাংলাদেশৰ এটা জেহাদী গ্ৰুপৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আমি সেই ধৰ্মীয় মাদ্ৰাছাখন বন্ধ কৰি দিছো। মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ স্কুললৈ লৈ যাবলৈ আমি জিলা উপায়ুক্তক নিৰ্দেশ দিছো।

লগতে তেওঁ কয়- বৰপেটাটো অলপ আগতে ফাণ্ডামেণ্টেলিষ্টৰ ডাঙৰ মডিউল এটা উৎখাত কৰা হৈছে। মডিউলটোৰ সৈতে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। গোটেইকেইজনৰ বাংলাদেশৰ মৌলবাদী গোটৰ লগত জড়িতৰ স্পষ্ট প্ৰমাণ আহি পৰিছে। আমি অনুসন্ধান আৰম্ভ কৰিছো। সম্পূৰ্ণ নজনাকৈ কমেণ্ট নকৰো, কিন্তু ব্যৱস্থা লোৱা হ’ব।’

Related Articles

Back to top button