
নিউজ ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত ‘মিডিয়া মহামন্থন’ত মাদ্ৰাছা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী আৰু মুছলিম সংগঠনসমূহ।
মাদ্ৰাছা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পিডিপি প্ৰধান মেহবুবা মুফতিয়ে কয় যে ভাৰতৰ বিজেপি চৰকাৰসমূহে মুছলমানসকলক উচটনি দিবলৈ চেষ্টা কৰিছে।
মেহবুবা মুফতিয়ে কয়, ‘মুছলমানসকলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ উচটনি দিয়া হৈছে যাতে বিজেপিয়ে নতুন গুজৰাট অথবা উত্তৰ প্ৰদেশ নিৰ্মাণ কৰিব পাৰে।’

মেহবুবা মুফতিয়ে ভাৰতত বিজেপিয়ে বৃটিছৰ দৰে ‘ডিভাইজ এণ্ড ৰুল’ নীতি অৱলম্বন কৰা বুলিও সমালোচনা কৰে।
তেওঁ কয়, ‘ব্ৰিটিছে হিন্দুক মুছলমানৰ বিৰুদ্ধে থিয় কৰাইছিল, আজি বিজেপিয়েও একে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে নীৰৱে চাই আছে।’
উল্লেখ্য যে, দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত মিডিয়া মহামন্থনত মাদ্ৰাছাৰ অস্তিত্ব বন্ধ হ’ব লাগে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছা শিক্ষাক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাদ্ৰাছালৈ যোৱা শিশু কেতিয়াও চিকিৎসক বা অভিযন্তা নহয়। বৰং তেওঁলোক মৌলবীহে হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰি সকলোকে সাধাৰণ শিক্ষা প্ৰদানৰ পোষকতা কৰে আৰু যাতে সকলো শিশুৱে এটা সুন্দৰ ভৱিষ্যত গঢ়িব পাৰে, তেনে ধৰণৰ শিক্ষা প্ৰদানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ইছলামিক পণ্ডিত মৌলানা মাছুদ হাছান কাছমীয়ে কয় যে ‘মাদ্ৰাছা’ শব্দটোৰ অৰ্থ নিজেই বিদ্যালয়।
মৌলানা মাছুদ হাছান কাছমীয়ে কয় যে ব্যক্তিগত মাদ্ৰাছা খোলা বা বন্ধ কৰাত বাধা দিয়াটো ভাৰতৰ সংবিধান উলংঘা কৰা হৈছে।
তেওঁ কয়, ‘চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপক আমি আদৰণি জনাইছো। কিন্তু ব্যক্তিগত মাদ্ৰাছা বন্ধ কৰাটো সংবিধান উলংঘা কৰা হ’ব।”