অসম

মাত মাতিলে এৰেষ্ট হয়, গতিকে মনে মনে বহি থকাই ভালঃ জ্ঞানশ্ৰী বৰা

২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধন লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰক।

গ্ৰেপ্তাৰৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰায়ো কৰিছে বিশেষ মন্তব্য।

তেওঁ কয়- ভিক্টৰ দাসক এৰেষ্ট কৰা হ’ল – তাৰ মানে যিসকলে এই বিষয়ে সবিশেষ গম পাই, মাত মাতিবলৈ সাহস কৰিলে হেতেন, তেওঁলোকৰ মুখবোৰো ভাবুকিৰে বন্ধ কৰাৰ চেষ্টা আৰম্ভ হ’ল। মাত মাতিলে এৰেষ্ট হয়, গতিকে মনে মনে বহি থকাই ভাল। নিবনুৱাৰ আশা-আকাংক্ষাবোৰক লৈ কিমান হেতালি খেলা হ’ব?

ইমান অভিযোগ অহাৰ পিছত যদি কোনো দোষী নোলাই, কেৱল স্বচ্ছ আৰু নিকা নিযুক্তি হয় তাৰমানে গোটেই কাৰবাৰটো ঢাকিবলৈ চেষ্টা কৰিছে বিজেপি চৰকাৰে। ভিক্টৰ দাস গ্ৰেপ্তাৰ হোৱা মানে হয়তো, তথ্য প্ৰমাণবোৰো নাইকিয়া হ’ব।- জ্ঞানশ্ৰী বৰা।

লগতে যিসকল প্ৰাৰ্থীৰ সৈতে নিযুক্তিৰ নামত ধন বিচৰিছে তেওঁলোকক ওলাই আহি সাজোৰে মাত মাতিবলৈ অনুৰোধ জনায় জ্ঞানশ্ৰী বৰাই।

Related Articles

Back to top button