fbpx
অসমঅসমীয়া

মাত্ৰ ৪ বছৰৰ ব্যৱধান! দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যমজ ভাতৃয়ে…

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে, দাতাই দিলেও বিধাতাই নিদিয়ে…।

ঠিক এই কথাই যেন ঘটিল তেজপুৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ সৈতে।

তেজপুৰৰ বাম পৰ্বতীয়া পহুমৰা চুবুৰীৰ নিবাসী অনন্ত পটংগীয়াৰ পৰিয়ালৰ যমজ পুত্ৰদ্বয়ৰ দুয়ােজনৰেই ৪ বছৰৰ ব্যৱধানত মৃত্যু।

৪ বছৰ পূৰ্বে এজন পুত্ৰক হেৰুওৱা পৰিয়ালটােলৈ পুনৰ নামি আহিল আন এটা দুৰ্যােগ।

মংগলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত পৰিয়াালটােৰ দ্বিতীয়জন যমজ সন্তান আৰু শােণিতপুৰ জিলাৰ পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যােতি পটংগীয়াৰ ২৪ বছৰ বয়সতে মৃত্যু ঘটে।

1 3

জানিব পৰা মতে, নিশা ১২.৪৫ মান বজাত বিশেষ কাৰণবশতঃ এ এছ ১২ ইউ ১৬১৪ নম্বৰৰ মটৰ চাইকেলখনেৰে এন ডি ৰোডেৰে চহৰ অভিমুখে আহি থাকোতে কমাৰচুবুৰিৰ ভর্তক অফিচাৰ্ছ কলনিৰ পৰা হঠাৎ মূল পথলৈ ওলাই অহা এ এছ ১২ এল ৬৪৫১ নম্বৰৰ ইন ‘ভাখনৰ সৈতে খুন্দা লাগে।

ফলত গুৰুতৰভাৱে আহত দীপজ্যোতিক স্থানীয় একাংশ লোকে ততাতৈয়াকৈ তেজপুৰ টাইমছ হাস্পতাললৈ লৈ আহে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

2 3

উল্লেখযোগ্য যে দীপজ্যােতিৰ পিতৃ এখন সৰু দোকানৰ কৰ্মচাৰী।

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনির্বাহক সদস্য তথা বাম পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়াৰ অকাল মৃত্যুত মর্মাহত হৈ পৰে তেজপুৰৰ ছাত্ৰ সমাজ।

p01

সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বৰা, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ আৰু সাধাৰণ সম্পাদক দেৱাঞ্জন পাঠকৰ নেতৃত্বত আছুৰ কর্মকর্তাসকলে দীপজ্যোতিৰ নশ্বৰ দেহত সন্থাৰ পতাকাৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে।

লগতে শোণিতপুৰ জিলাৰ আছুৰ কার্যালয়সমূহত অহা তিনি দিনলৈ সন্থাৰ পতাকা অর্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

p02

উল্লেখযোগ্য যে বাম পৰ্বতীয়া শান্তি সমন্বয় সুৰক্ষা সমিতিৰ এগৰাকী সক্ৰিয় নিষ্ঠাৱান কৰ্মী হিচাপে অঞ্চলটোৰ ৰাজহুৱা সকলো কামতেই অগ্রণী ভূমিকা গ্ৰহণ কৰা দীপজ্যোতি বাম পৰ্বতীয়া ৰঙালী বিহু সন্মিলনৰ সম্পাদকৰ দায়িত্বতো আছিল।

p03

এইগৰাকী অতি সৰবৰহী সমাজকর্মী যুৱকে ২৪ বছৰ বয়সতে কৰুণ মৃত্যুক সাবটি লোৱাত সমগ্র বাম পৰ্বতীয়া অঞ্চলবাসী শোকাচ্ছন্ন হৈ পৰাৰ লগতে তেজপুৰতো শোকৰ ছাঁ পৰা পৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!