মাত্ৰ ২১ বছৰ বয়সতে শ্বহীদ হ’ল অঙ্কেশ ভৰদ্বাজ, পিতৃও আছিল ভাৰতীয় সেনাত

নিউজ ডেস্ক। মাত্ৰ ২১বছৰ বয়সতে পৃথিৱীৰ পৰা চিৰবিদায় ল’লে অঙ্কেশ ভৰদ্বাজে।

হিমাচল প্ৰদেশৰ সুযোগ্য সন্তান অঙ্কেশ শ্বহীদ হোৱাৰ বাতৰিয়ে আজি যেন শোকস্তব্ধ কৰি তুলিছে হিমাচলৰ লগতে সমগ্ৰ দেশবাসীক।

অৰুণাচলৰ কামেং অঞ্চলত সংঘটিত প্ৰচণ্ড হিমস্খলনৰ ফলত শ্বহীদ হ’ল ৭ গৰাকীকৈ ভাৰতীয় সেনা জোৱান।

9

শ্বহীদ সেনা জোৱান কেইগৰাকীৰ মাজত আছে হিমাচল প্ৰদেশৰ দুজনকৈ সুযোগ্য সন্তানো। তেওঁলোক হৈছে- কাংৰাৰ ২৬বছৰীয়া ৰাকেশ সিং আৰু বিলাসপুৰৰ ২১ বছৰীয়া অঙ্কেশ ভৰদ্বাজ।

অঙ্কেশ বিলাসপুৰৰ ঘুৰৱী উপ-সংমণ্ডলৰ চেউ গাঁৱৰ বাসিন্দা আছিল। মঙলবাৰে সন্ধিয়া অঙ্কেশ শ্বহীদ হোৱাৰ বাতৰি পৰিয়ালে লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল আৰু অঞ্চলবাসী।

বুধবাৰে, শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহ তেওঁৰ বাসগৃহলৈ নিয়া হব আৰু তাতেই সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হব শেষকৃত্য।

1

উল্লেখ্য যে, ২০০০ চনৰ ৬ ছেপ্টেম্বৰত জন্ম লাভ কৰা অঙ্কেশ ভৰদ্বাজে মাথোঁ ১৯ বছৰ বয়সতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰে।

যোৱা ৬ ফেব্ৰুৱাৰীত তেওঁ সতীৰ্থ জোৱানৰ সৈতে অৰুণাচলৰ কামেংত টহল দি থাকোতেই প্ৰচণ্ড হিমস্খলনত নিৰুদ্দেশ হয়। তাৰ পিছত উদ্ধাৰকাৰী দল আৰু অঞ্চলবাসীয়ে অভিযান চলাই অঙ্কেশ আৰু আন সেনা জোৱান কেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

মঙলবাৰে সন্ধিয়া ৰাজ্যৰ খাদ্য যোগান মন্ত্ৰী ৰজিন্দৰ গাৰ্গ জোৱানজনৰ ঘৰত উপস্থিত হয় আৰু সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।

P8

উল্লেখ্য যে, অঙ্কেশৰ পিতৃও এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান। আনহাতে অঙ্কেশৰ ৪ গৰাকী খুড়াকেও বিএছএফ আৰু সেনাত সেৱা আগবঢ়োৱাৰ পিছত অৱসৰ লৈছে।

অঙ্কেশ ভৰদ্বাজক জম্মু-কাশ্মীৰ ৰাইফলছত নিযুক্তি দিয়া হৈছিল। সৰুৰে পৰা তেওঁ সেনাত যোগদান কৰিব বিচাৰিছিল আৰু ইয়াৰ বাবে প্ৰস্তুতি চলাইছিল। অঙ্কেশৰ কণিষ্ঠ ভাতৃ আকাশ বৰ্তমান একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে।

অঙ্কেশে ঘুৰৱীৰ হিম সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেডিকেল শিক্ষা গ্ৰহণ কৰিছিল। দ্বাদশ উত্তীৰ্ণ হোৱাৰ ঠিক পিছতে, তেওঁ সেনাত যোগদান কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে আৰু সফলতা লাভ কৰে।

সেনাত যোগদান কৰাৰ মল্লযুঁজৰ প্ৰতি অগাধ ৰাপ আছিল অঙ্কেশৰ। তেওঁ জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ অনেক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মল্লযোদ্ধাৰ খিতাপ অৰ্জন কৰিছিল। একে সময়তে, নেপালত তেওঁ মল্লযুঁজ প্ৰতিযোগিতাতো সোণৰ পদক জিকিছিল।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল অঙ্কেশে। তেওঁ ২০১৭ চনৰ ২২-২৪ মে’ত নেপালত অনুষ্ঠিত স্কুল অলিম্পিক গেমছত মল্লযুঁজত ৫৫ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক জয় কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও, তেওঁ ২০১৮ চনত হৰিদ্বাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৫২ আৰু ৫৫ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়।

এনেগৰাকী প্ৰতিভাবান ক্ৰীড়াবিদ আৰু ভাৰতীয় সেনা মাত্ৰ ২১ বছৰ বয়সতে শ্বহীদ হোৱাৰ খবৰে আজি ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ দেশবাসীক।

Leave a Comment