মাত্ৰ দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিবাহ! চিলিং ফেন মেৰামতি কৰি ছুইচ দিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ

নিউজ ডেস্কঃ চিলিং ফেন মেৰামতি কৰি ছুইচ দিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন যুৱকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ পাণপুৰত।

জাানিব পৰা মতে, বুধবাৰে পাণপুৰৰ শ্ৰীমন্ত দাস নামৰ যুৱকজনে ঘৰৰ এখন চিলিং ফেন মেৰামতি কৰাৰ অন্তত ফেনখন চলে নে নাই চাবলৈ ছুইচ দিবলৈ গৈছিল। আৰু তেতিয়াই বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।

লগে লগে যুৱকজনক উত্তৰ জামুগুৰিহাট চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মাত্ৰ দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা যুৱকজনৰ এই কৰুণ মৃত্যুত শোকত ভাগি পৰিছে নৱ বিবাহিতা পত্নী তথা পৰিয়াল। আনহাতে এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।