মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে দুটাকৈ বিস্ফোৰণ! জম্মু-কাশ্মীৰত গুৰুতৰভাৱে আহত ৯ জন…

নিউজ ডেস্কঃ মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে সংঘটিত দুটাকৈ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ভূস্বৰ্গ জম্মু-কাশ্মীৰ।

শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ নৰৱালত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণত কমেও ৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰাৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত এখন বাহনত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ।

বিস্ফোৰণ সংঘটিত হোৱা বাহনখন মেৰামতিৰ বাবে এটা গেৰেজত ৰখাই থোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে এই বিস্ফোৰণৰ প্ৰায় ২০ মিনিট পিছতে প্ৰথম বিস্ফোৰণস্থলীৰ পৰা মাত্ৰ কিছু নিলগত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা।

এই দুয়োটা বিস্ফোৰণত আহত লোক কেইজনক ততাতৈয়াকৈ পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফালে বিস্ফোৰণ কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।