মাতৃ-পুত্ৰৰ সাফল্য! একলেগে উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত…

নিউজ ডেস্কঃ প্ৰচেষ্টা, অধ্যাৱসায়, পৰিশ্ৰম আৰু ইচ্ছাশক্তিয়ে জীৱনৰ গতি সলনি কৰে। সেয়াই প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ এহাল মাতৃ-পুত্ৰই। কেৰালা লোকসেৱা আয়োগৰ পৰীক্ষাত পুত্ৰৰ সৈতে একেলগে উত্তীৰ্ণ হৈ মাতৃয়ে আনৰ বাবেও এতিয়া অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

যোৱা ৩ আগষ্টত মাতৃ বিন্দুৱে কেৰালা লোকসেৱা আয়োগৰ নিম্ন বিভাগীয় কেৰাণী (এলচিডি)পৰীক্ষাত ৩৮ সংখ্যক স্থান লাভেৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে পুত্ৰ বিবেকে অন্তিম শ্ৰেণীৰ সেৱক (এলজিএছ) পৰীক্ষাত উত্তীৰ্ণ হয় ৯২ সংখ্যক স্থান লাভেৰে।

mother son
মাতৃ-পুত্ৰৰ সাফল্য! একলেগে উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত… 4

লোকসেৱা আয়োগৰ পৰীক্ষাত মাতৃ-পুত্ৰই একেলগে লাভ কৰা এই সাফল্যই উৎফুল্লিত কৰিছে দুয়োজনৰ লগতে তেওঁলোকৰ পৰিয়ালটোকো। সমান্তৰালভাৱে আন সকলৰ বাবেও তেওঁলোক এতিয়া আদৰ্শ হৈ পৰিছে।

উল্লেখ্য যে, বিবেকৰ মাতৃ ৪২ বৰ্ষীয় বিন্দু এটা অগংনৱাড়ী কেন্দ্ৰৰ শিক্ষয়িত্ৰী। তেওঁৰ ২৪ বৰ্ষীয় পুত্ৰ বিবেকে লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত বিন্দুৱেও ইয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা চিন্তা কৰিছিল।

সেই অনুসৰি পুত্ৰৰ সৈতে তেৱোঁ শিক্ষা গ্ৰহণ কৰিছিল কোছিং চেণ্টাৰত। অৱশ্যে শিক্ষয়িত্ৰী হোৱাৰ বাবে তেওঁ কেৱল দেওবাৰৰ দিনটোতহে কোচিং চেণ্টাৰত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তথাপিও পত্নী আৰু পুত্ৰক অধ্যয়নৰ সকলোখিনি সুবিধা কৰি দিছিল বিন্দুৰ স্বামীয়ে।

image 79
মাতৃ-পুত্ৰৰ সাফল্য! একলেগে উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত… 5

যাৰ ফলতেই যোৱা ৩ আগষ্টত ঘোষণা হোৱা লোকসেৱা আয়োগৰ পৰীক্ষাত একেলগে সফলতা লাভ কৰে মাতৃ আৰু পুত্ৰই। এই সফলতাৰ পিছতে বিন্দুৱে কয়, “মই শিক্ষকসকলৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিলো। আমি দুয়ো একেলগে পঢ়িছিলো, কিন্তু কেতিয়াও ভবা নাছিলো যে আমি দুয়ো পৰীক্ষাত যোগ্যতা অৰ্জন কৰিম।’’

image 80
মাতৃ-পুত্ৰৰ সাফল্য! একলেগে উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত… 6

জানিব পৰা মতে, বিন্দু প্ৰায় ১০ বছৰ ধৰি অংগনৱাড়ী কেন্দ্ৰত শিক্ষয়িত্ৰী হিচাপে সেৱা আগবঢ়াই আছে। পুত্ৰ বিবেক দশম শ্ৰেণীত অধ্যয়ন কৰাৰ সময়ৰে পৰা পৰা বিন্দু আৰু বিবেকে পিএছচিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে, বিন্দুৱে ২০১৯-২০২০ বৰ্ষত শ্ৰেষ্ঠ অংগনৱাড়ী শিক্ষয়িত্ৰীৰ ৰাজ্যিক বঁটাও লাভ কৰিছিল।

বিন্দুৱে লগতে উল্লেখ কৰা মতে, নিয়মীয়া পঢ়া শুনাত মন দিব নোৱাৰা কাৰণেই ইয়াৰ আগতে পৰীক্ষাত সফলতা লাভ কৰা নাছিল। কিন্তু এইবাৰ দহো বন কাটি কৰি নিয়মিতভাৱে কৰা অধ‍্যয়নৰ বাবেই এই ইপ্সিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মাতৃ পুত্ৰ দুয়োজনেই।