
নিউজ ডেস্কঃ আইৰ সমান কোনো নাই।
এমাডিমা বয়সত আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাৰ পৰা জীৱনৰ অৰ্থ বিচৰালৈকে, প্ৰতিটো মুহূৰ্তত আমাৰ শিৰত ওপৰত থকা আশীৰ্বাদৰ হাতখনেই হৈছে আমাৰ মাতৃৰ।
মাতৃ মানেই সন্তানৰ বাবে সাহস, ভৰষা আৰু আত্মবিশ্বাস বৃদ্ধিৰ মলম।
জীৱনৰ প্ৰতিটো ক্ষণত কাষত পোৱা মাতৃক যদি কৰ্মক্ষেত্ৰতো কাষত পোৱা যায়, তেতিয়া অধিক উৎসাহ, আগ্ৰহ আৰু নিষ্ঠাৰে সম্পন্ন হয় কাম।
অমন ঠাকুৰৰ বাবেও সেয়াই হৈছে। ইণ্ডিগো বিমানৰ কো পাইলট হিচাপে কৰ্মজীৱনৰ আৰম্ভণিতে মাতৃৰ সৈতে একেলগে কাম কৰাৰ সুযোগ লাভ কৰিছে অমন ঠাকুৰ নামৰ ২৪ বৰ্ষীয় যুৱকজনে।

দৰাচলতে অমন ঠাকুৰ যিখন ইণ্ডিগো বিমানৰ কো পাইলট আছিল, সেই একেখন বিমানৰে পাইলট আছিল তেওঁৰ মাতৃ। যাৰ বাবে মাতৃৰ হাতত ধৰি প্ৰথমবাৰ বিমান উৰণৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হয় অমনে।
A short story of a #Proud #Mother ll When son become a #Pilot of the #aircraft and fly with his mother on #MothersDay. #MothersDay2022 #Indigo #Indigoairlines #flight #Airlines #India pic.twitter.com/P12fbgIGTQ
— Rajesh Saha (@Journo_Rajesh) May 9, 2022
বিমানত উঠাৰ লগে লগে মাতৃক আচৰিত কৰি অমনে যাত্ৰীসকলৰ সন্মুখত এক আৱেগিক ঘোষণা কৰে।
অমনে কয় “জীৱনৰ ২৪ বছৰ বয়সলৈকে মই মোৰ মাৰ সৈতে বহুবাৰ বিমানত যাত্ৰা কৰিছো। কিন্তু এজন যাত্ৰী হিচাপে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মই মোৰ মাৰ সংগী হিচাপে বিমান উৰুৱাম। মোৰ মা এগৰাকী পাইলট, আৰু মই এগৰাকী কো-পাইলট।
On Mother’s Day, an IndiGo co-pilot son flew alongside his co-worker mother. His tribute to his mother is winning hearts on the internet.#AajNEWJDekhaKya #mothersday #MaaTujheSalaam pic.twitter.com/W9qjYUL5cZ
— NEWJ (@NEWJplus) May 9, 2022
বিমানৰ ভিতৰতে মাতৃক ফুলৰ থোপা উপহাৰ দি আবেগিক হৈ পৰে অমন।
মাতৃ-পুত্ৰৰ এই আবেগিক ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
মাতৃ দিৱসৰ দিনটোত বিশেষভাৱে চৰ্চা লাভ কৰিছে এই ভিডিঅ’টোৱে।