নিউজ ডেস্কঃ বিষাক্ত সৰ্প দংশনৰ পিছত সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিল নগাঁৱৰ এটি কণমানি দেৱশিশু।
বেজ-বেজালিৰ অন্ধবিশ্বাসৰ বিপৰীতে আধুনিক উন্নত চিকিৎসা লাভ কৰা হাস্পাতলত ৬ দিন থকাৰ পিছত শিশুটিক ঘৰলৈ যাবলৈ অনুমতি দিয়ে চিকিৎসকে।
বিষাক্ত ফেটীসাপৰ দংশনৰ পিছতো মৃত্যুক পৰাস্ত কৰি আঠমহীয়া শিশুটি সুস্থ হৈ উঠাত হাঁহি বিৰিঙিছে পৰিয়ালৰ লোকৰ মাজতে।
লগতে শিশুটিক সুস্থ কৰি তোলা তেজপুৰৰ ব্যপ্তিষ্ট মিছন হাস্পতালৰ চিকিৎসক, নাৰ্ছকো ধন্যবাদ জনাইছে পৰিয়ালে।
জানিব পৰা মতে, নগাঁৱৰ আমনিৰ প্ৰকাশ বেহেৰা আৰু পূৰ্ণিমা বেহেৰাৰ আঠমহীয়া কন্যা সন্তান হেমন্তিকা বেহেৰাক দংশন কৰিছিল এডাল বিষাক্ত ফেটীসাপে।
৬ জুলাইৰ সন্ধিয়া শিশুটিক লৈ মাতৃয়ে চোতালত বহি থকাৰ সময়তে এটা ভেকুলী খেদি অহা এডাল ফেটীসাপে শিশুটিৰ হাতত দংশন কৰে।
ইয়াৰ পিছতে শিশুটিক ততাতৈয়াকৈ তেজপুৰৰ ব্যপ্তিষ্ট মিছন হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে। চিকিৎসালয়ত তাৎক্ষণিকভাৱে শিশুটিক আইচিউত ভৰ্তি কৰোৱা হয় আৰু সৰ্প দংশন নিশ্চিত হোৱাৰ পিছতে চিকিৎসা আৰম্ভ কৰা হয়।
হাস্পতালখনৰ আইচিইউত শিশুটিক দুদিন ৰখাৰ পিছত কিছু সুস্থ হৈ উঠাত পৰৱৰ্তী সময়ত শিশু কক্ষলৈ স্থানান্তৰিত কৰা হয়। আৰু শিশুটি সম্পূৰ্ণ সুস্থ হৈ উঠাত সোমবাৰে ঘৰলৈ অনাৰ অনুমতি দিয়ে চিকিৎসকে।
বিষাক্ত সাপৰ দংশনৰ পিছতো শিশুটি সুস্থ হৈ উঠাত স্বস্তিৰ নিশ্বাস এৰিছে শিশুটিৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকলে।
ইফালে শিশুটি হাস্পতালত চিকিৎসাধীন হৈ থকা সময়ত অহৰহ খবৰ লৈ থাকে সৰ্পবান্ধৱ বৰকটকীয়ে।
লগতে চাওকঃ
পাচলি বিক্ৰী কৰি সঞ্চয় কৰা ধনেৰে ১০ বছৰত ১১ দেশ ভ্ৰমণ এগৰাকী ৬১ বৰ্ষীয় বৃদ্ধাৰ