
নিউজ ডেস্কঃ মাতৃত্ব ইশ্বৰৰ এক অতুলনীয় বৰদান। সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই।
অপহৃত এটি ১২ দিনীয়া শিশুক নিজৰ বুকুৰ গাখীৰ খুৱাই আজি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে এগৰাকী মাতৃ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে।
সামাজিক মাধ্যমত মহিলা আৰক্ষী বিষয়াগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে।
দৰাচলতে যোৱা ২২ অক্টোবৰত কেৰালাৰ পুলক্কাডাভুৰ নিৱাসী আশীখা চেভায়ুৰ নামৰ এগৰাকী মহিলাই তেওঁৰ ১২ দিনীয়া শিশুটিক অপহৰণ কৰাৰ এজাহাৰ দাখিল কৰে চেভায়ুৰ থানাত।
মহিলাগৰাকীয়ে পাৰিবাৰিক কন্দ্বলৰ বাবেও তেওঁৰ স্বামী আৰু শাহুৱেকে শিশুটিক অপহৰণ কৰাৰ অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত চলাই জানিব পাৰে যে এমাডিমা শিশুটিক বাংগালুৰুলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে অপহৰণকাৰীয়ে।
আৰক্ষীয়ে শিশুটি আৰু অপহৰণকাৰী মাতৃ-পুত্ৰ চুলতান বাথেৰীত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে অসামৰিক আৰক্ষী বিষয়া (চিপিঅ’) এম ৰম্যাসহ আৰক্ষীৰ এটা দলে অঞ্চলটোত অভিযান চলাই শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কিন্তু মাতৃৰ পৰা আঁতৰত থাকি ভোকত অসুস্থ হৈ পৰা ১২ দিনীয়া শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখি আৰক্ষীয়ে শিশুটিক কলপেটাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায়।
তাতেই চিকিৎসকৰ অনুমতি লৈ ১২ দিনীয়া শিশুটিক স্তন পান কৰায় মহিলা আৰক্ষী বিষয়া এম ৰম্যাই।
এটি এবছৰীয়া সন্তানৰ মাতৃ এম ৰম্যাই শিশুটিক দুগ্ধপান কৰোৱাই কয় যে সেই সময়ত তেওঁ কেঁচুৱাটোক নিজৰ সন্তান হিচাপে অনুভৱ কৰিছিল।
তেওঁ সেই দিনটোক নিজৰ কেৰিয়াৰৰ আটাইতকৈ ভাল আৰু অৰ্থপূৰ্ণ দিন বুলিও উল্লেখ কৰে।
ইফালে এই গোচৰ সন্দৰ্ভত কেঁচুৱাটোৰ পিতৃ আদিলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।