মাটি দালালৰ পিছত এইবাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ দালালৰ ওপৰত চলিব অভিযান…

ৰাজ্যত অব্যাহত আছে মাটি দালালৰ বিৰুদ্ধে অভিযান।

ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে ৫০০ৰো অধিক মাটিৰ দালাল।

মাটি দালালৰ গ্ৰেপ্তাৰৰ পিছতেই এইবাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো থকা দালালৰ বিৰোধে চলিব অভিযান।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে জিলা পৰিবহণ কাৰ্যালয়ৰ ৩৮২ দালালৰ লিষ্ট তেওঁৰ হাতত আছে।

তেওঁলোকৰ আছে বহু সা- সম্পত্তি। ৰাজহ চক্ৰ দালালৰ দৰে এইসকলকো উৎখাত কৰিব বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে ড্ৰাইভিং লাইচেন্স নৱীকৰণ কৰিবলৈ যাব নালাগে জিলা পৰিবহণ কাৰ্যালয়লৈ।

১৫ দিনত অনলাইন যোগে নৱীকৰণ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স।

আনহাতে বাছ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ কাৰণে ১০ হাজাৰকৈ টকা আগবঢ়াব চৰকাৰে।

তেওঁলোকৰ নামসমূহ পৰ্টেলত পঞ্জীয়ন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

Leave a Comment