অসমঅসমীয়া

মাটি কঢ়িওৱা ডাম্পাৰে মহটিয়াই নিলে পথৰ কাষত ৰৈ থকা বাইক আৰু পথচাৰীক, নিহত মহিলা

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে উদণ্ড ডাম্পাৰ চালকৰ সন্ত্ৰাস।

এইবাৰ তীব্ৰবেগী ডাম্পাৰে মহটিয়াই লৈ গ’ল পথৰ কাষত ৰৈ থকা বাইকসহ পথচাৰীক।

থিতাতে নিহত হ’ল এগৰাকী মহিলা, আহত ৪ জন লােক।

এই ঘটনাৰ স্থান বােকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰগাঁও অঞ্চল।

জানিব পৰা মতে, সামগ্ৰী বিক্ৰী কৰিবলৈ এজন লােকে কমাৰগাঁৱৰ পানীদিহিঙীয়া পথৰ সমীপতে ঘাইপথৰ কাষত বাইক ৰখাই থৈছিল।

সেই সময়তে সমীপৰে সােণােৱাল গাঁৱৰ মইনা শইকীয়া নামৰ মহিলাগৰাকীৰ লগতে আন কেবাজনাে লােকে সামগ্ৰী ক্ৰয় কৰিবলৈ তাত গােট খাইছিল।

তেনে সময়তে AS-09C-3551 নম্বৰৰ নুমলীগড়ৰ পৰা দেৰগাঁও অভিমুখে তীব্ৰ বেগত যােৱা ডাম্পাৰখনে তেওঁলােকক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত মইনা শইকীয়াৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে ৪ জন লােক আহত হয়।

আৰক্ষীয়ে আহতসকলক বােকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালত প্ৰাথমিক ভৰ্তি কৰে।

তাৰ পৰাই গুৰুতৰভাৱে আহতক যােৰহাট চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button