মাটিৰ নামজাৰিৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল লাট মণ্ডল…

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অব্যাহত আছে জােৰদাৰ অভিযান।

এই অভিযানত ইতিমধ্যে ৫ শতাধিক দালালক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে ব্যাপক সফলতা অৰ্জন কৰিছে।

আৰক্ষীয়ে দালালৰাজৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ এজন লাট মণ্ডলক উৎকোচ লওঁতেই হাতে-লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

থানেশ্বৰ বৰা নামৰ এই লাট মণ্ডলজনে মাটিৰ নামজাৰি কৰাৰ নামত পাভ অঞ্চলৰ এজন লোকৰ পৰা ইতিমধ্যে ২ লাখ ১৫ হাজাৰ টকা আদায় কৰাৰ পাছত পুনৰ ২৫০০ টকা চৰকাৰী গাঁওবুঢ়া চফিকুল ইছলামৰ মধ্যস্থতাত ৰাজহ চক্ৰৰ কাৰ্যালয়ত লওঁতেই হাতে-লোটে ধৰা পৰিল মণ্ডলজন।

ঘটনা বিষম দেখি গাঁওবুঢ়া চফিকুল ইছলামে ঘটনাস্থলীৰ পৰা পলাই-পত্ৰং দিয়ে যদিও আৰক্ষীৰ হাতত ধৰা পৰিল লাটমণ্ডল থানেশ্বৰ বৰা।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Comment