নিউজ ডেস্কঃ শনিবাৰে দক্ষিণ-পূব এছিয়াৰ বহু লোকে সামাজিক মাধ্যমত নিশাৰ আকাশত দেখা পোৱা ৰঙা, নীলা, হালধীয়া ৰঙৰ পোহৰৰ ফটো, ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
অংসখ্য লোকে সেই ভিডিঅ’ আৰু ফটো প্ৰত্যক্ষ কৰি সেয়া উল্কাপিণ্ড বুলি দাবী কৰিলেও শেহতীয়াকৈ ৰাতিৰ আকাশত দেখা দিয়া নানা ৰঙী বিৰল দৃশ্যৰ প্ৰকৃত ৰহস্য উদঘাটন হৈছে।
আকাশত আতচবাজীৰ দৰে দেখা পোৱা সেই দৃশ্য প্ৰকৃততে চীনৰ এটা বিশাল ৰকেটৰ ধ্বংসাৱশেষ বায়ুমণ্ডলত প্ৰৱেশ কৰি পৃথিৱীৰ ফালে নামি অহাৰ ফলত সৃষ্টি হোৱা বুলি নিশ্চিত কৰিছে গৱেষক সকলে।
meteor spotted in kuching! #jalanbako 31/7/2022 pic.twitter.com/ff8b2zI2sw
— Nazri sulaiman (@nazriacai) July 30, 2022
মহাকাশ গৱেষক সকলে নিশ্চিত কৰা মতে, দক্ষিণ-পূব এছিয়াৰ বোৰ্নিঅ’ দ্বীপপুঞ্জৰ ওচৰৰ এটা বৃহৎ জলভাগত এই অস্বাভাৱিক লং মাৰ্চ ৫বি বুষ্টাৰ ৰকেটটো ভাঙি পৰাৰ ফলত নানা ৰঙী আতচবাজীৰ দৰে দৃশ্য প্ৰত্যক্ষ হয়।
গৱেষক সকলে লগতে উল্লেখ কৰা মতে, এক অভাৱনীয় বায়ুমণ্ডলীয় মধ্যাকৰ্ষণৰ বাবে ৰকেটটো পৃথিৱীৰ পৃষ্ঠত খুন্দা মাৰে। আকাৰৰ বাবে ভাৰত মহাসাগৰত বিভাজিত হোৱাৰ পূৰ্বে ই সম্পূৰ্ণৰূপে জ্বলি যোৱা নাছিল।
এই দুৰ্ঘটনাৰ বাতৰি আমেৰিকাৰ মহাকাশ কমাণ্ডে এটা টুইটযোগে অৱগত কৰে। “USSPACECOM-এ নিশ্চিত কৰে যে পিপলছ ৰিপাব্লিক অৱ চাইনা (PRC)ৰ লং মাৰ্চ ৫বি (CZ-5B) ৰকেটটো ভাৰত মহাসাগৰৰ ওপৰেৰে শনিবাৰে নিশা প্ৰায় ১০:৪৫ বজাত পৃথিৱী পৃষ্ঠত খুন্দা মাৰে।”
Yo meteor shower!!!! pic.twitter.com/DwzqM922N5
— 𝐛𝐮𝐭𝐭𝐞𝐫𝐜𝐮𝐩 (@juuulan_) July 30, 2022
চিএনএনৰ এক প্ৰতিবেদন অনুসৰি, ২৪ জুলাই দেওবাৰে বিয়লি ২:২২ বজাত (স্থানীয় সময়ানুসৰি) চীনা লং মাৰ্চ ৫বি ৰকেটটো হাইনান দ্বীপৰ পৰা চীনৰ মহাকাশ কেন্দ্ৰৰ বাবে নতুন মডিউলৰ সৈতে উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ উপৰিও মডিউলটোৱে চীনৰ কক্ষপথৰ আউটপোষ্টৰ সৈতে নিৰাপদে ডক কৰিছিল।
তাৰ পিছতে ৰকেটটো পৃথিৱীৰ বায়ুমণ্ডলৰ ফালে অনিয়ন্ত্ৰিতভাৱে নামি আহে। উল্লেখযোগ্য যে চীনৰ ৰকেটৰ মঞ্চৰ পৰা মহাকাশৰ ধ্বংসাৱশেষবোৰ অনুচিতভাৱে পৰিচালনা কৰাৰ অভিযোগত তিনিবাৰকৈ অভিযোগ উত্থাপন হৈছে বুলি চিএনএনে প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও আমেৰিকাৰ মহাকাশ কমাণ্ডে অনুমোদন জনোৱাৰ পূৰ্বেই এৰোস্পেচ কৰ্প’ৰেশ্যনে ভৱিষ্যদ্বাণী কৰিছিল যে মহাকাশৰ বিশাল ধ্বংসাৱশেষৰ টুকুৰাটোৱে বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ইয়াৰ দ্ৰুত উষ্ণতাই পৃথিৱীৰ ফালে আকৰ্ষিত কৰিব। যাৰ ফলত ৰকেটৰ ধ্বংসাৱশেষ বিস্ফোৰিত হৈ অনেক লোক হতাহত হোৱাৰো আশংকা কৰা হৈছিল।