মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা, ভুৱন গাম হ’ব মাজুলীৰ বিজেপি প্ৰাৰ্থী…

বহু জল্পনা-কল্পনাৰ অন্তত মাজুলী উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।

ভুৱন গাম হ’ব মাজুলীৰ বিজেপি প্ৰাৰ্থী।

উল্লেখ্য যে, বিজেপিয়ে তিনিজনীয়া প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছিল।

তাৰ পিছতেই কেন্দ্ৰই মোহৰ মাৰিলে ভুবন গামৰ নামত।

Image

দীৰ্ঘদিনৰ পৰা মাজুলীত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব তাকলৈ চৰ্চা চলিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত অব্যাহত থকা শীতল যুদ্ধৰ বাবে এই সমষ্টিটোত অৱশেষত কোনে টিকট পাব সেয়া নিশ্চিত হোৱা নাছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত দায়িত্ব গ্ৰহণ কৰাৰ পিছতে খালী হৈ পৰিছিল সমষ্টিৰ বিধায়কৰ আসন।

উল্লেখ্য যে, অহা ৭ মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ-নিৰ্বাচন।

Leave a Comment