মাজুলীবাসীৰ সপোন পূৰণৰ দিশতঃ বহু প্ৰত্যাক্ষিত দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে…

সপোন পূৰণৰ দিশে সত্ৰনগৰী মাজুলীবাসীৰ।
মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতিব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যোৰহাট মাজুলী সংযোগী দলং খনৰ এটা মূৰ নদী দ্বীপ মাজুলীৰ দক্ষিণপাট সত্ৰত আৰু আনটো মূৰ টীয়কৰ জাঁজী মুখৰ হাতীশালত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি এই কাৰ্যৰ শুভাৰম্ভ কৰিব।
ইতিমধ্যে উত্তৰ প্ৰদেশৰ পৰা অহা ৫জন পূজাৰীয়ে আৰম্ভ কৰিছে পূজা-অৰ্চনা।
দক্ষিণ পাট কৈৱৰ্ত গাৱত স্থাপন হৱ প্ৰথমটো খুটা।
এই দলংখনৰ মুঠ দৈঘ্য হব ৮০২৫মিটাৰ। লক্ষ্ণৌৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলংখন।
ইতিমধ্যে দলঙখন নিৰ্মাণৰ বাবে বিভিন্ন সা-সামগ্ৰী আহি পৰ্যায়ক্ৰমে মাজুলী পাইছেহি।
দলংখন নিৰ্মাণৰ বাবে ৯২৫কোটিৰো অধিক টকা অনুমোদন জনোৱা হৈছে।
উল্লেখ্য যে, এই দলংখনৰ নিৰ্মাণৰ কামকাজ অসমৰ বিত্তমন্ত্ৰীয়ে চোৱাচিতা কৰাৰ লগতে আনুসংগিক বিভিন্ন পুজিঁৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় কৰিব।