fbpx
অসমীয়াঅসম

মাজুলীত সংকটত প্ৰকৃতিৰ জমাদাৰ! মৃত গৰুৰ পোৱালিৰ মাংস ভক্ষণ কৰি ১২টাকৈ শগুনৰ মৃত্যু…

নিউজ ডেস্কঃ মৃত গৰুৰ মাংস খাই পুনৰ ৰাজ্যত মৃত্যু প্ৰকৃতিৰ জমাদাৰৰ।

এইবাৰ মাজুলীত মৃত গৰুৰ পোৱালিৰ মাংস ভক্ষণ কৰাৰ পিছতে মৃত্যু ঘটে ১২টাকৈ শগুনৰ।

আনহাতে অসুস্থ হৈ আছে আন ৮টা শগুনো।

মাজুলীৰ ৰতনপুৰ গায়ন পঞ্চায়তৰ অধীনস্থ বোকা বিল পথাৰত বুধবাৰে বিয়লি সংঘটিত হয় এই ঘটনা।

স্থানীয় ৰাইজে পথাৰত ২০টাকৈ শগুন পৰি থকা প্ৰথমে প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে সেই স্থানত উপস্থিত হয় ৰতনপুৰ পশু চিকিৎসালয়ৰ চিকিৎসক প্ৰণৱ কোচসহ এটা দল।

অৱশ্যে চিকিৎসকৰ দলটো উপস্থিত হোৱাৰ পিছতে ৪টা শগুন সুস্থ হৈ সেই স্থানৰ পৰা উৰি গুচি যায়।

বাকী থকা ১৬ টা শগুনৰ ৪ টা শণ্ডনৰ ঘটনাস্থলীতে মৃত্যু হয়।

বাকী ১২ শণ্ডনক ৰতনপুৰ পশু চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা কৰি কিছু পৰিমাণে সুস্থ কৰিবলৈ চেষ্টা কৰাত ২ পক্ষী সম্পূর্ণ সুস্থ হৈ উৰা মাৰে।

ইফালে, ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত ৪ টা শগুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰতনপুৰ পশু চিকিৎসালয়লৈ অনাৰ পিচত জীৱন্ত অৱস্থাত পথাৰত অচেতন হৈ পৰি থাকে ১০ টাকৈ শগুন।

বন বিভাগে অচেতন অৱস্থাত শগুনকেইটাক পথাৰত এৰি যোৱাক লৈ ৰাইজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ পাচত নিশা প্রায় ১০ বজাত পুনৰ এখন ট্ৰেক্টৰ লৈ আহি পথাৰত ছটফটাই থকা ১০ টা শগুনক ৰতনপুৰ পশু চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ আনে।

নিশা বন কৰ্মী আৰু চিকিৎসকে মিলি শগুনকেইটাৰ চিকিৎসা অব্যাহত ৰাখে।

পুৱাৰ ভাগত এই ১০ শগুনৰ দুটাৰ মৃত্যু হয়।

বন বিভাগৰ লোকে নিশাই কাজিৰঙাৰ পাণবাৰীস্থ দুৰ্গত বন্য প্রাণী উদ্ধাৰ, চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি পুৱা উন্নত চিকিৎসাৰ বাবে দুষ্প্রাপ্য শগুন পক্ষীক দুর্গত বন্য প্রাণী উদ্ধাৰ, চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

পুৱালৈ সুস্থ হৈ থকা ৮ টাকৈ পক্ষীক নিয়া হৈছে চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, কাজিৰঙালৈ।

এই ৮ টাৰ ভিতৰত এটা পক্ষীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে, মৃত পক্ষীৰ অংগ সংগ্ৰহ কৰি পশু চিকিৎসা বিভাগে উচ্চপদস্থ বিষয়ালৈ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে প্ৰেৰণ কৰিছে।

পক্ষীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও বিষক্ৰিয়াৰ ফলতেই এই দুষ্প্রাপ্য পক্ষীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

সঠিক তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লাভ কৰাৰ পিচতহে ঘটনাৰ সঠিক কাৰণ জানিব পৰা যাব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!