মাজনিশা ভাইৰেল মেট্ৰিকৰ প্ৰশ্নকাকত! বাতিল হ’ল বিজ্ঞান বিষয়ৰ পৰীক্ষা, CID তদন্ত ঘোষণা…

বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।
ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই ছেবাৰ ঘোষণা।
সোমবাৰে অনুষ্ঠিত হ’ব লগা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত মাজনিশা মোবাইলে মোবাইলে ভাইৰেল হৈ পৰাৰ পিছতে এই ঘোষণা ছেবাৰ।
দেওবাৰে নিশা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকত।
এই নিৰ্দেশনাযোগে পৰীক্ষা বাতিলৰ কথা সদৰি কৰিছে ছেবা কৰ্তৃপক্ষই।
অৱশ্যে বাতিল হোৱা পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেয়া বৰ্তমানলৈকে ছেবা কর্তৃপক্ষই জনোৱা নাই।
ইপিনে প্ৰশ্নকাকত বাতিল হোৱাৰ পিছতে ৰাজ্যজুৰি সষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।
প্ৰশ্নকাকত ফাদিল হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে।
আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়- ‘বছৰত এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ অকৰ্মণ্যতাৰ পুনৰ প্ৰতিফলন ৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পিছতো কেনেকৈ বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হয়? কাইলৈ(১৩ মাৰ্চ) অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিছে ৷ ফাদিল হোৱা হাতে লিখা প্ৰশ্নকাকতৰ লগত মূল প্ৰশ্নকাকতৰ হুবহু মিল ৷ হুবহু মিল থকা প্ৰশ্নকাকত ছেবাৰ ভিতৰ চ’ৰাৰ পৰাই ফাদিল হৈছে ৷ এনেকুৱা কেলেংকাৰীত ছেবাৰ উচ্চপদস্থ বিষয়া জড়িত হৈ আছে ৷ ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷ মুখ্যমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰক ৷ এখন প্ৰশ্নকাকতক সুৰক্ষা দিব নোৱাৰা ৰাজ্যৰ ব্যৰ্থ শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে অতিশীঘ্ৰে পদত্যাগ কৰক।’
আনহাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- ‘এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ খেলিমেলিয়ে চূড়ান্ত পৰ্যায় পাইছে।বাৰে বাৰে সংঘটিত ঘটনাই চৰকাৰ,ছেবা কৰ্তৃপক্ষ যে অদক্ষ আৰু অকৰ্মণ্য তাক পুনৰবাৰ প্ৰমাণিত কৰিছে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য কৰা নহব,সকিয়নী।’
এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ খেলিমেলিয়ে চূড়ান্ত পৰ্যায় পাইছে।বাৰে বাৰে সংঘটিত ঘটনাই চৰকাৰ,ছেবা কৰ্তৃপক্ষ যে অদক্ষ আৰু অকৰ্মণ্য তাক পুনৰবাৰ প্ৰমাণিত কৰিছে।
— Dr. Samujjal Bhattacharjya (@SamujjalBhatta) March 12, 2023
ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য কৰা নহব,সকিয়নী।@himantabiswa@ranojpeguassam
ইপিনে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ হৈছে অসম আৰক্ষী।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত ঘোষণা। CIDয়ে তদন্ত কৰিব প্ৰশ্নকাকত ফাদিলৰ।
গোচৰ ৰুজু কৰাৰো নিৰ্দেশ DGP জি পি সিঙৰ।
বিষয় – ২০২৩ চনৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এইচ এছ এল চি পৰীক্ষাৰ সাধাৰণ বিজ্ঞান (চি ৩) প্ৰশ্নকাকত ফাদিল হোৱা – এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত চি আই ডি অসমে কৰিব। দোষী আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।@assampolice @DGPAssamPolice… https://t.co/rU1SesvDqh
— GP Singh (@gpsinghips) March 12, 2023
এক টুইট কৰি জি পি সিঙে লিখিছে- ‘বিষয় – ২০২৩ চনৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এইচ এছ এল চি পৰীক্ষাৰ সাধাৰণ বিজ্ঞান (চি ৩) প্ৰশ্নকাকত ফাদিল হোৱা – এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত চি আই ডি অসমে কৰিব। দোষী আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’