
বানৰ তাণ্ডৱৰ মাজতে হাইলাকান্দিৰ ওলইচড়াৰ পুখুৰীৰ পৰা উদ্ধাৰ হ’ল বস্তাই বস্তাই বাৰ্মিজ চুপাৰি।
বৃহস্পতিবাৰে দুপৰীয়া হাইলাকান্দিৰ ওলইচড়াৰ এটা পুখুৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮বস্তা বাৰ্মিজ চুপাৰি।
অসাধু চক্ৰই পুখুৰীত বাৰ্মিজ চুপাৰি লুকুৱাই ৰখাৰ উমান পাই অভিযান চলায় আৰক্ষীয়ে।

আনহাতে আলগাপুৰৰ এটা গুদামৰ পৰা ৫০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিছে আৰক্ষীয়ে।
গুদামটোৰ গৰাকী শিখুৰঞ্জন দেৱ বুলি জানিব পৰা গৈছে।
জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা।