
অসমীয়াৰ হেঁপাহৰ ভোগালীলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। কিন্তু তাৰ পূৰ্বে ৰাজ্যত পুনৰ এবাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। সমান্তৰালভাৱে বৃদ্ধি পাইছে নতুন ভেৰিয়েন্ট অমিক্ৰনৰ আতংকও।
যোৱা দুটা বছৰত কোৰোনাই ম্লান পেলোৱা ভোগালীৰ আনন্দখিনি এইবাৰ হেঁপাহ পলুৱাই উদযাপন কৰাৰ মন কৰিছিল অসমীয়াই। কিন্তু কোভিডৰ পুনৰ এবাৰ ভয়াবহ ৰূপে চিন্তিত কৰি তুলিছে চৰকাৰক।

কোভিডৰ গণ সংক্ৰমণ যাতে নঘটে তাৰ বাবে কঠোৰ হৈছে চৰকাৰ-প্ৰশাসন। মহামাৰীক প্ৰতিহত কৰিবলৈ ভোগালীক অনুষ্টুপিয়াকৈ উদযাপনৰ পৰামৰ্শ দিছে বহুতে। ৰাজ্যত ইতিমধ্যেই জাৰি হৈ আছে নৈশ সান্ধ্য আইন।
চৰকাৰৰ কোভিড বিধি আৰু কোৰোনাৰ আতংকই পুনৰ এবাৰ নিস্তেজ কৰি পেলাব নেকি ভোগৰ ভোগালীক? সেই চিন্তাই এতিয়া গা কৰি উঠিছে প্ৰতিজন অসমীয়াৰ মনত।
জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভবেশে এই সন্দৰ্ভত ব্যক্ত কৰিছে তেওঁৰ নিজৰ প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কুমাৰ ভৱেশে কয়, “ভোগালী পথাৰৰ উৎসৱ। পথাৰতে উদযাপন কৰা হব। কোনে কি কলেও কওক। কিন্তু এয়া বন্ধ কৰিব নোৱাৰি।”
ইফালে News8ৰে হোৱা আছুতীয়া ফৌনিক বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে কয় যে ভোগালী বিহু অসমীয়াৰ বাপোতিসাহোন। এয়া অসমীয়াৰ পথাৰৰ সৈতে সৈতে জড়িত উৎসৱ। গতিকে পথাৰতে পতা হব। কাৰো কথামতে বিহু ঘৰৰ ভিতৰত পতা নহয়।
আনহাতে ভোগালী বিহুৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সাংস্কৃতিক উৎসৱ সন্দৰ্ভত কুমাৰ ভৱেশে কয় যে কোভিড প্ৰটকল পালন কৰি চৰকাৰে বান্ধি দিয়া সময়ৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান পালন কৰাত কোনো বাধা থাকিব নালাগে।

ভোগালী বিহুৰ সন্ধিয়া পলাশবাৰীত তেওঁৰ নিজৰো এখন সাংস্কৃতিক অনুষ্ঠান থকা বুলি জানিবলৈ দিয়ে কুমাৰ ভৱেশে।
যোৱা দুটা বছৰে কোভিড পৰিস্থিতিৰ বাবে কণ্ঠশিল্পী, বাদ্যযন্ত্ৰী, আন আন কলা-কুশলীসকলে সন্মুখীন হবলগা আৰ্থিক দুৰ্যোগৰ কথা সুঁৱৰি কুমাৰ ভৱেশে কয়, “সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তেই আমি পেটৰ ভাতমুঠি মোকোলাও। কিন্তু চৰকাৰে বান্ধি দিয়া সময়ৰ ভিতৰতো যদি আমি অনুষ্ঠান কৰিব নোৱাৰো, তেন্তে চলিম কিদৰে?”

আনহাতে কোভিডৰ নতুন ভেৰিয়েন্ট ‘অমিক্ৰন’ক লৈ শংকিত হোৱা বুলি কৈ কণ্ঠশিল্পী গৰাকীয়ে কয়, “নেতা-মন্ত্ৰী বা আন বহুতে সভা পাতে, য’ত বহু মানুহ সমবেত হয়। তেওঁলোকে বিভিন্ন কাৰণত হয়তো এই মেল-মিটিং অনুষ্ঠিত কৰে। তাত মোৰ আপত্তি নাই। কিন্তু কেতিয়াবা বেয়া লাগে যে আমি অনুষ্ঠান পৰিৱেশন কৰাত বাধা প্ৰদান কৰা হয়, কিন্তু তেওঁলোকে সভা পাতিব পাৰে।” তেওঁ শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হোৱা নিয়োগ মেলা আৰু তাত দেখা পোৱা ভিৰৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যত ঘোষণা কৰা হব কোভিডৰ নতুন এছঅ’পি। এই নতুন বিধিত মাঘ বিহু উদযাপনক লৈও চৰকাৰে নীতি-নিৰ্দেশনা বান্ধি দিয়াৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নতুন এছঅ’পিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, মাঘ বিহু ঘৰত পালন কৰা হব, কিন্তু বজাৰ কৰিবলৈ ওলাই যাওঁতে সকলোৱে সাৱধান হব লাগিব।