
নিউজ ডেস্কঃ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম মজুৰি মজদুৰ সংঘৰ কাছাৰ জিলা সম্পাদকক।
সোমবাৰে গুৱাহাটীৰ পৰা যোৱা এটা ক্ৰাইম ব্ৰান্সৰ দলে অভিযান চলাই কাছাৰ জিলাৰ বৰখোলাৰ সোণাপুৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ট্ৰেড ইউনিউনৰ নেতা ধৰিত্ৰী শৰ্মাক।
ইফালে গ্ৰেপ্তাৰৰ পিছতে সন্দেহযুক্ত মাওবাদীজনক সোধা-পোছাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়।

জানিব পৰা মতে, পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দাই প্ৰকাশ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় ধৰিত্ৰী শৰ্মাক।
অভিযুক্ত ধৰিত্ৰী শৰ্মাৰ দুৰ্ধৰ্ষ মাওবাদী নেতা তথা চি পি আই-মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দাৰ সৈতে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।