মাওবাদীয়ে IED বােমাৰে উৰুৱালে নিৰাপত্তা বাহিনীৰ বাছ! শ্বহীদ ৫ জােৱান, আহত ১৩

March 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি পুনৰ ভয়ংকৰ কূটাঘাত মাওবাদীৰ।

এইবাৰ ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত DRG জোৱানসকল কঢ়িওৱা এখন বাছক লক্ষ্য কৰি মাওবাদীৰ শক্তিশালী IED বিস্ফোৰণ।

পথৰ সােঁমাজত স্থাপন কৰা শক্তিশালী IED বােমাৰ ভয়ংকৰ বিস্ফােৰণত ফলত মাজত সৃষ্টি হয় প্ৰকাণ্ড গাঁত। লগে লগে পথৰ পৰা তললৈ দ গাঁতত লুটি খাই পৰিল বাছখন।

এই আক্ৰমণত ৫ জোৱান শ্বহীদ হােৱাৰ লগতে আহত হয় ১৩ জন আহত।

বিস্ফোৰণৰ সময়ত বাছখনত ২৪ জন জোৱান আছিল।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অতিৰিক্ত নিৰাপত্তা বাহিনীৰ জােৱান ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। জানিব পৰা মতে, এই জােৱানসকল এটা অভিযানৰ পাছত পুনৰ কেম্পলৈ উভতি আহিছিল।

বস্তাৰৰ আৰক্ষী মহাপৰিদৰ্শক পি সুন্দৰৰাজে জনােৱা অনুসৰি, DRG বাহিনী নাৰায়ণপুৰত মাওবাদীৰ বিৰুদ্ধে এক অভিযানত অংশ লৈ পুনৰ উভতি অহাৰ পথতে এই আক্ৰমণ সংঘটিত হয়।

গুৰুতৰভাৱে আহত জোৱানসকলক বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে প্ৰায় যােৱা সপ্তাহতে মাওবাদীয়ে শান্তি আলােচনাৰ বাবে চৰকাৰলৈ প্ৰস্তুাৱ প্ৰেৰণ কৰিছিল।

লগতে চাওকঃ

মৰ্মান্তিক! বাছ আৰু অটােৰিক্সাৰ সংঘৰ্ষত ১২ অংগনৱাড়ী কৰ্মীসহ ১৩ জনৰ মৃত্যু

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…