‘মাইনা অ’ তই ঘূৰি আহ!’ ফেচবুকত কান্দি কান্দি LIVE জনপ্ৰিয় ইউটিউবাৰ লাবুমণি আমচঙৰ…

ফেচবুকত কান্দি কান্দি LIVE জনপ্ৰিয় ইউটিউবাৰ লাবুমণি আমচঙৰ।

ভগ্নীৰ কথা কৈ কৈ ফেচবুকৰ লাইভত কান্দিছে লাবুমণি আমচঙে। কিয়নো দুদিন ধৰি নিখোজ লাবুমণিৰ ভগ্নী।

পুৱাই বেংকলৈ যাওঁ বুলি কৈ ওলাই যোৱা লাবুমণিৰ ভগ্নী এতিয়াও নিখোজ।

আনহাতে আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে লাবুমণিয়ে।

লাবুমণিয়ে লাইভত ক’লে- ‘মাইনা মই ভাবিছো তই এই ভিডিঅ’টো দেখি আছ। কেইটামান কথা শুনি ল’বি। আৰক্ষী-প্ৰশাসনৰ দৰে মানুহবিলাক আমাৰ কাৰণে এটা এটা শব্দ। তই কালিয়েই হেৰালি আজিলৈকৈ তোৰ দদায়ে বিচাৰি ওলাব পৰা নাই। তেনেকুৱা হাত দীঘল মানুহো নহয় মই। ইমান সময় তই নাইকিয়া হৈ আছ মই তোক বিচাৰি উলিয়াব পৰা নাই।

লগতে কয়- আইনে বিচাৰি দিবলৈ যিমান সময়ৰ দৰকাৰ সেই সময়লৈ হিয়া কেইখনে শান্তিত থাকিব নোৱাৰে৷ অহা জনমত হাত দীঘল মানুহ হৈ জন্ম লম আহ তই ঘুৰি আহ৷ তোক খুৱাই-পিন্ধাই ৰাখিবলৈ গাড়ীখনকে বিক্ৰী কৰি দিম আহ৷ তোৰ ভৰিত ধৰি অনুৰোধ কৰিছোঁ৷

Leave a Comment