
নিউজ ডেস্কঃ এগৰাকী মহিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা ফেচ মাচাজ লৈ বিপদত পৰিল চৰকাৰী চিকিৎসালয়ৰ এগৰাকী ভাৰপ্ৰাপ্ত চিকিৎসক।
সামাজিক মাধ্যমত দুয়োৰে ভিডিঅ’ আৰু কিছু আপত্তিজনক ফটো ভাইৰেল হৈ পৰাৰ পিছতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে স্বাস্থ্য বিভাগে।
এই ঘটনা সংঘটিত হৈছে বিহাৰৰ খগড়িয়া জিলাত।
বাতৰি অনুসৰি, খগড়িয়া জিলাৰ সদৰ পিএইচচিৰ ভাৰপ্ৰাপ্ত বিষয়া ডা০ কৃষ্ণ কুমাৰে মালিচ লয় এগৰাকী মহিলা স্বাস্থ্য বিষয়াৰ পৰা।
ভিডিঅ’টোত দেখিবলৈ পোৱা মহিলা স্বাস্থ্য বিষয়াগৰাকী সদৰ ব্লকৰ এটা স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত স্বাস্থ্য বিভাগত কমিউনিটি হেল্থ অফিচাৰ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে।
বিবাহিত চিকিৎসক আৰু বিবাহিতা স্বাস্থ্য বিষয়াগৰাকীৰ কিছু আপত্তিজনক ফটোও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
স্বাস্থ্য বিভাগৰ দায়িত্বশীল পদত অধিষ্ঠিত হৈ থাকি এনে আপত্তিজনক কাৰ্য সংঘটিত কৰাৰ বাবে দুয়োগৰাকীলৈ উত্তৰ বিচাৰি জাননী জাৰি কৰিছে স্বাস্থ্য বিভাগে।
আনহাতে, এই আপত্তিজনক ভিডিঅ’ ভাইৰেল হোৱাৰ পৰাই পলাতক হৈ আছে পি এইচ চিৰ ভাৰপ্ৰাপ্ত বিষয়াজন।
वीडियो वायरल होने पर PHC प्रभारी और Community Health Officer को जारी किया गया शो कॉज नोटिस. pic.twitter.com/J0NbAdgXxF
— UnSeen India (@USIndia_) February 3, 2023