মহিলাৰ ডিঙিৰ চেইন, মোবাইল কাঢ়ি চলাই আহিছিল সন্ত্ৰাস! অৱশেষত ৰঙিয়াত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত বড়ো আৰু লাডেন…

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি কামৰূপ আৰু বাক্সা জিলাত সন্ত্ৰাস চলাই অহা দুটা দুৰ্ধৰ্ষ ডকাইত অৱশেষত পৰিল আৰক্ষীৰ জালত।

মঙলবাৰে নিশা কামৰূপৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰঙিয়া মহকুমাৰ কঞা থানাৰ অন্তৰ্গত বৰদোঙা বটাকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইত দুটাক।

ধৃত ডকাইত দুটা হৈছে আতিকুল ইছলাম ওৰফে বড়ো ‘আৰু তজনুৰ আলী ওৰফে লাডেন।

অভিযানৰ সময়ত আৰক্ষীয়ে ডকাইত দুটাৰ পৰা পইণ্ট ২২ পিষ্টল এটা, পইণ্ট ৩২ পিষ্টল এটা আৰু ১৬ জাঁই সজীৱ গুলী জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডকাইত দুটাই অস্ত্ৰশস্ত্ৰখিনি লুকুৱাই ৰাখিছিল ৰান্ধনীশালৰ ভিতৰত।

ইফালে অভিযানৰ সময়ছোৱাত আন এটা ডকাইত হাকিমুল আহমেদ পলায়ন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এই দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে কামৰূপ জিলাৰ লগতে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ চেইন, মোবাইল, টকাৰ বেগ কাঢ়ি সন্ত্ৰাস চলাই আহিছিল।

শেহতীয়াকৈ যোৱা ৩ ডিচেম্বৰত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ সমীপত এগৰাকী মহিলাৰ পৰা মোবাইল কাঢ়িছিল এই ডকাইতৰ দলটোৱে।

কিন্তু ডকাইতিৰ সময়ত সিদিনাখন দুই ডকাইতৰ পালছাৰখন দুৰ্ঘটনাত পতিত হৈছিল আৰু গাড়ীখন ঠাইতে এৰি পলায়ন কৰিছিল ডকাইত দুটাই।

পিচত ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে তদন্ত চলাই ডকাইত দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এই দুই ডকাইতে ইতিপূর্বে কেইবাবাৰো জে’লৰ ভাত খাবলগীয়া হৈছে।

কিন্তু গ্ৰেপ্তাৰৰ কিছুদিন পিচতেই জামিনত মুকলি হৈ আহি পুনৰাই চুৰি, ডকাইতিত লিপ্ত হৈ পৰে।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি, দুয়োজনৰ বিৰুদ্ধে কামৰূপ জিলাৰ দুখন থানাত তিনিটাকৈ গোচৰ ৰুজু হৈ আছে।