মহিলাৰ টকাৰ বেগ কাঢ়ি পলায়ন কৰিবলৈ লওতেই দুৰ্ঘটনাত পতিত চিলনী চোৰ, মৃত্যু

নিউজ ডেস্কঃ মহিলাৰ পৰা টকাৰ বেগ কাঢ়ি পলায়ন কৰিবলৈ লওতেই দুৰ্ঘটনাত প্ৰাণ গ’ল এজন চিলনী চোৰৰ। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বৰপেটা ৰোডৰ শিমলাগুৰিত।

জানিব পৰা মতে, বুধবাৰে শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰী কলবাৰী গাঁৱৰ দুগৰাকী মহিলাই বৰপেটা ৰোডৰ বেংক অৱ ইণ্ডিয়াৰ পৰা আত্ম সহায়ক গোটৰ ৫০ হাজাৰ টকা উলিয়াই ই-ৰিক্সাৰে ধূপগুৰী কলবাৰীৰ নিজ গৃহলৈ গৈ আছিল।

সেই সময়তে এএছ ০১ইজে ৯৮৮১ নম্বৰৰ বাইকেৰে অহা দুটা চিলনী চোৰে মহিলা দুগৰাকীৰ ই-ৰিক্সাখন ৰখাবলৈ দি টকাৰ বেগ কাঢ়ি পলায়ন কৰে।

siloni sur
মহিলাৰ টকাৰ বেগ কাঢ়ি পলায়ন কৰিবলৈ লওতেই দুৰ্ঘটনাত পতিত চিলনী চোৰ, মৃত্যু 3

কিন্তু চিলনী চোৰ দুটাই কিছুদূৰ যোৱাৰ পিছতে শিমলাগুৰীৰ পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত এটা চিলনী চোৰৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু আনজন গুৰুতৰভাৱে আহত হয়।

নিহত চিলনী চোৰটোক বিহাৰৰ কিষাণগঞ্জৰ নিৱাসী আমিৰ গোৱালা বুলি জানিব পৰা গৈছে। আনহাতে আহত চিলনী চোৰটো হৈছে ৰোহিত সিং।

photo1659000592
মহিলাৰ টকাৰ বেগ কাঢ়ি পলায়ন কৰিবলৈ লওতেই দুৰ্ঘটনাত পতিত চিলনী চোৰ, মৃত্যু 4

আহত চিলনী চোৰটোক পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বৰপেটা ৰোডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

মহিলাৰ টকাৰ বেগ কাঢ়ি পলায়নৰ চেষ্টা চলাই চিলনী চোৰে নিজেই দুৰ্ঘটনা পতিত হৈ মৃত্যুমুখত পৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে বৰপেটাত দিনকদিনে পোৱা চিলনী চোৰৰ সন্ত্ৰাসক লৈও চিন্তিত হৈ পৰিছে অঞ্চলবাসী।