নিউজ ডেস্কঃ যিদৰে মহিলাৰ ওপৰত চকু দিয়াৰ বাবে ৰাৱন ধ্বংস হ’ল, দুৰ্যোধন ধ্বংস হ’ল, সেইদৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত চকু দি ধ্বংস মাতি আনিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
আপৰ আহ্বাহক অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ আৰু অসম চৰকাৰৰ ওপৰত আক্ৰমণক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এনেদৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতাগৰাকীক সমালোচনা কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
দৰাচলতে গুৱাহাটীত জনসভা সম্বোধনৰ সময়ত অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি কৈছিল যে যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত স্কুল চলায়, সেইখন ৰাজ্যৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাই খোলা বিশালকাৰ ব্যক্তিগত বিদ্যালয়খনক লৈয়ে এইদৰে সৰৱ হৈ পৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।
কিন্তু এতিয়া ৰিণিকি ভূঞা আৰু মুখ্যমন্ত্ৰীৰ পক্ষত যুক্তি দৰ্শাবলৈ নামি পৰিছে ৰূপজ্যোতি কুৰ্মীৰ দৰে ন বিজেপি বিধায়ক।
বহু কষ্ট কৰি ৰিণিকি ভূঞা শৰ্মাই ব্যক্তিগত বিদ্যালয়খন খুলিছে বুলি দাবী কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ডাক্তৰ-ইঞ্জিনিয়াৰে নিজৰ ল’ৰা-ছোৱালীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়ত পঢ়ুৱাব বিচাৰে। তাৰ বাবেই মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই বিদ্যালয়খন খুলিছে।
কুৰ্মীৰ মতে, মহিলাৰ ওপৰত চকু দি যিদৰে ৰাৱণ, দুৰ্যোধন এদিন ধ্বংস হৈছিল, সেইদৰে ৰিণিকি ভূঞা শৰ্মাৰ ওপৰত চকু দিয়া অৰবিন্দ কেজৰিৱালৰো ধ্বংস ইতিমধ্যে আৰম্ভ হৈছে।