অসমীয়াৰাষ্ট্ৰীয়

‘মহিলাই একো নিপিন্ধিলেও ধুনীয়া লাগে…!’ অৱশেষত বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা খুজিলে যোগগুৰু ৰামদেৱে…

নিউজ ডেস্কঃ মহিলাক লৈ কৰা অপমানজনক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতে অৱশেষত ক্ষমা বিচাৰিলে যোগগুৰু ৰামদেৱে।

ৰামদেৱে কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল দেশৰ বিভিন্ন মহিলা সংগঠন।

মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চকংকৰেও যোগগুৰু ৰামদেৱলৈ ইমেইল প্ৰেৰণ কৰি ৭২ ঘণ্টাৰ ভিতৰত তেওঁ কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছিল।

ইয়াৰ পিছতে ৰূপালী চকংকৰে জানিবলৈ দিয়া মতে, ইতিমধ্যে ৰামদেৱে ইমেইল যোগে নিজৰ মন্তব্যৰ বাবে মহিলা আয়োগৰ ওচৰত দুখ ব্যক্ত কৰাৰ লগতে ক্ষমা বিচাৰিছে।

অৱশ্যে ৰামদেৱে তেওঁৰ মন্তব্য বিকৃতভাৱে উপস্থাপন কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, শুকুৰবাৰে মুম্বাইৰ থানেত অনুষ্ঠিত এক বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ মহিলাক লৈ আপত্তিজনক মন্তব্য কৰিছিল যোগগুৰু ৰামদেৱে।

মঞ্চত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছৰ পত্নী অমৃতা ফড়নবছিসহ অনেক মহিলা উপস্থিত থকা অনুষ্ঠানটোত ৰামদেৱে কথাই কথাই মহিলাই একো নিপিন্ধিলেও ধুনীয়া লাগে বুলি মন্তব্য কৰিছিল।

ৰামদেৱৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে বিভিন্ন মহিলা দল-সংগঠনৰ লগতে ৰাজনৈতিক নেতাসকলো।

ৰামদেৱে এনে ধৰণৰ মন্তব্য কৰি মহিলাৰ অপমান কৰা বুলি দাবী কৰি তাৰ বাবে ক্ষমা খোজাৰ দাবী জনায় বিভিন্ন মহলে।

তাৰ পিছতে ৭২ ঘণ্টা পূৰ্ণ নৌহওঁতেই যোগগুৰু ৰামদেৱে তেওঁ কৰা মন্তব্যৰ বাবে খেদ ব্যক্ত কৰাৰ লগতে ক্ষমা বিচাৰে।

Related Articles

Back to top button