fbpx
অসমীয়াঅসম

মহাশিৱৰাত্ৰীৰ নিশাই মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! শিলেৰে মৰিয়াই ই-ৰিক্সা চালকক হত্যা টেম্প’ চালকৰ…

নিউজ ডেস্কঃ মহাশিৱৰাত্ৰীৰ উলহ মালহৰ মাজতে শনিবাৰে নিশা মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।

সাধাৰণ বাক বিতণ্ডাৰ পিছতে এজন ই-ৰিক্সা চালকক শিলেৰে মৰিয়াই হত্যা এজন টেম্প’ চালকৰ।

নিশা মহানগৰীৰ ওদালবাক্ৰাত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, এখন ই-ৰিক্সা আৰু এখন টেম্প’ৰ মাজত সংঘটিত এক সংঘৰ্ষৰ পিছতে তৰ্কাতৰ্কি ঘটে ই-ৰিক্সা চালক আৰু টেম্প’ চালকজনৰ মাজত।

তাৰ পিছতে টেম্প’ চালক নৱ ৰয়ে এটা শিলেৰে ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক আক্ৰমণ কৰাত থিতাতে মৃত্যু ঘটে ই-ৰিক্সা চালকজনৰ।

ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী টেম্প’ চালক নৱ ৰয়ক।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

শিৱৰাত্ৰীৰ নিশাই মহানগৰীত সংঘটিত এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button