মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ অধ্যক্ষৰ গালতে প্ৰচণ্ড চৰ বিধায়কৰ! ছ’চিয়েল মিডিয়াত তুমুল বিতৰ্ক

নিউজ ডেস্কঃ ৫ বছৰৰ বাবে নিৰ্বাচিত হৈ এজন জনপ্ৰতিনিধিয়ে পঢ়ি শুনি নিযুক্তি লাভ কৰা চৰকাৰী বিষয়াৰ ওপৰত নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ দৰে ঘটনা প্ৰায়ে ঘটিয়েই থাকে। ঠিক তেনে এটা ঘটনাই এইবাৰ সংঘটিত কৰিলে এগৰাকী নিৰ্বাচিত বিধায়কে।

মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ মহাবিদ্যালয়খনৰে অধ্যক্ষৰ গালত প্ৰচণ্ড চৰ শোধায় বিধায়কগৰাকীয়ে। সকলোৰে সন্মুখত সংঘটিত কৰা এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হয় যোৱা ২০ জুন অৰ্থাৎ সোমবাৰে। কৰ্ণাটকৰ মাণ্ডিয়াত জনতা দলৰ (চেকুলাৰ)ৰ বিধায়ক শ্ৰীনিৱাসে নলৱাড়ী কৃষ্ম ৰাজা ৱাৰিয়ৰ আই টি আই কলেজ পৰিদৰ্শনৰ সময়তে চৰ শোধায় অধ্যক্ষৰ গালত।

উল্লেখ্য যে, শেহতীয়াকৈ মহাবিদ্যালয়খনৰ মূল ভৱনকে ধৰি কেইবাটাও অট্টালিকাৰ সংস্কাৰৰ কাম কৰা হৈছে। জানিব পৰা মতে, মহাবিদ্যালয়খনৰ কম্পিউটাৰ লেবটো কিমান সংস্কাৰ কৰা হৈছে এই পৰিদৰ্শনকালত বিধায়কগৰাকীয়ে জানিব বিচাৰিছে।

সেই মুহূৰ্তত অধ্যক্ষই প্ৰশ্নটোৰ সঠিক উত্তৰ দিব নোৱাৰাৰ বাবেই অধ্যক্ষৰ ওপৰত ক্ষুব্ধ হৈ পৰে বিধায়ক শ্ৰীনিৱাস? যাৰ পৰিণতিত সকলোৰে সন্মুখত তেওঁ কেইবাটাও চৰ শোধায় অধ্যক্ষগৰাকীক।

ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, বিধায়কগৰাকীৰ লগত আছে কেইবাজনো নেতা আৰু একাংশ কলেজৰ কৰ্মী। তেওঁৰ কাষতে এগৰাকী মহিলাও থিয় হৈ আছিল। তেওঁলোকৰ সন্মুখত থকা অধ্যক্ষৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰি বিধায়কজনে চৰ মাৰিবলৈ হাত দাঙে।

কিন্তু সিমানতেই ক্ষান্ত নাথাকি, সঁচাকৈয়ে চৰ শোধায় বিধায়কগৰাকীয়ে। ঘটনাটো হঠাৎ সংঘটিত হোৱা দেখি আতংকিত হৈ পৰিল বাকীসকল। অৱশ্যে বিধায়কৰ এই কাৰ্যত কোনেও আপত্তি নকৰিলে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ৰ ফলত জনতা দলৰ বিধায়কগৰাকীক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এগৰাকী অধ্যক্ষৰ ওপৰত এনেদৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ বাবে বিধায়কগৰাকীক তীব্ৰভাষাৰে গৰিহণা দিছে অনেকেই।