fbpx
অসম

মহানুভৱতা! ATMৰ ওপৰত ১ লাখ টকা পাই থানাত জমা দিলে লেপ তুলি বনোৱা ৰাজুৱে…

যোৰহাটৰ এজন যুৱকে দিলে সততাৰ পৰিচয়।

ATMৰ ওপৰত পৰি থকা অৱস্থাত ১ লাখ টকা পাই থানাত জমা দিলে লেপ তুলি বনোৱা ৰাজুৱে।

জানিব পৰা মতে, যোৰহাট নগৰৰ কবৰস্তান ৰোডৰ মহম্মদ ৰাজু নামৰ যুৱকজন যোৰহাট নগৰস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য শাখাৰ এটিএমলৈ গৈছিল কিছু টকা জমা কৰিবলৈ।

কিন্তু এটিএমত সোমাই ৰাজুৱে দেখে যে, এটিএমটোৰ ওপৰত কাগজেৰে মেৰিওৱা অৱস্থাত পৰি আছিল নগদ টকাৰ এটা বাণ্ডিল। গৰাকীবিহীনভাৱে পৰি থকা টকাখিনি দেখি হতভম্ব হৈ পৰিছিল ৰাজু।

কিংকৰ্তব্যবিমূঢ় হৈ পৰা ৰাজুৱে তাৎক্ষণিকভাৱে যোগাযোগ কৰে যোৰহাট সদৰ থানাৰ আৰক্ষীৰ সৈতে। আৰু তাৰ পিছতে টকাখিনি প্ৰকৃত গৰাকীক গতাই দিবৰ বাবে আৰক্ষীৰ হাতত অৰ্পণ কৰে।

আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি, এটা গাড়ী ডিলাৰৰ হৈ কাম কৰা এগৰাকী যুৱকে সংগ্ৰহ কৰি অনা এই টকাখিনি এটিএমটোত ডিপজিট কৰিবলৈ আহিছিল। কিন্তু সেই সময়তে এটা ফোনকল অহাত অন্যমনস্ক হৈ কথা পতাত ব্যস্ত হৈ পৰা যুৱকজনে টকাখিনি এটিএমৰ ওপৰতে থৈ ওলাই যায় এটিএমৰ পৰা।

কিন্তু এই টকাখিনিৰ ওপৰত কোনো লোকৰ দৃষ্টি পৰাৰ পূৰ্বেই এটিএমটোলৈ আহে মহম্মদ ৰাজু নামৰ যুৱকজন। ইতিমধ্যে টকাখিনি আৰক্ষীয়ে প্ৰকৃত গৰাকীক ঘূৰাই দিছে।

অতি সাধাৰণ ৰাজুৰ এই অসাধাৰণ কৰ্মৰ বাবে এতিয়া সকলোৱে একমুখে প্ৰশংসা কৰিছে যুৱকজনক।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!