মহানুভৱতা! ৩ বছৰ পূৰ্বে হেৰুওৱা টকাৰ বেগ উভতাই দিলে এগৰাকী সাধাৰণ মাছ বিক্ৰেতাই

নিউজ ডেস্ক। তিনিবছৰ পূৰ্বে বজাৰ কৰিবলৈ যোৱাৰ সময়ত হেৰুৱাইছিল এটা টকাৰ বেগ। অশেষ বিচাৰ-খোচাৰ কৰিও বেগটো নোপোৱাত অৱশেষত আশাই বাদ দিছিল তেওঁ।

কিন্তু এজন সাধাৰণ মাছ বিক্ৰেতাৰ মহানুভৱতাৰ বাবে অৱশেষত সুদীৰ্ঘ ৩ বছৰৰ মূৰত তেওঁ অক্ষত অৱস্থাত উভতাই পালে টকাভৰ্তি বেগটো।

এনে এক ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ বছিৰহাটত।

বছিৰহাটৰ দণ্ডিৰহাটৰ নগেন্দ্ৰকুমাৰ বিদ্যালয়ৰ শিক্ষক চম্পক নন্দীয়ে বছিৰহাটৰ পুৰণি বজাৰলৈ বজাৰ কৰিবলৈ যোৱাৰ সময়তে ভুলবশতঃ টকাৰ বেগটো এৰি থৈ আহিছিল বজাৰতে।

616
মহানুভৱতা! ৩ বছৰ পূৰ্বে হেৰুওৱা টকাৰ বেগ উভতাই দিলে এগৰাকী সাধাৰণ মাছ বিক্ৰেতাই 3

পিছত বেগটো বিচাৰি তেওঁ চলাথ কৰে যদিও বেগটো নোপোৱাত অৱশেষত আশাই এৰি দিয়ে। লাহে লাহে তেওঁ এই বিষয়ে একপ্ৰকাৰ পাহৰিয়েই যায়।

কিন্তু হেৰাই পোৱা এই বেগটোৰ কথা পাহৰা নাছিল কাশেম গাজীয়ে। বছিৰহাট তাপৰচাৰ অঞ্চলৰ নিৱাসী কাশেম গাজী পেছাত এগৰাকী মাছ বিক্ৰেতা। পুৰণি বজাৰতে তেওঁ আৰু তেওঁৰ পুত্ৰই মাছ বিক্ৰী কৰি আহিছে দীৰ্ঘ সময়ৰ পৰা।

তিনিবছৰ পূৰ্বে বজাৰত মাছ বিক্ৰি কৰি থকাৰ সময়তে কাশেম গাজীয়ে প্ৰত্যক্ষ কৰিছিল এটা পৰিত্যক্ত বেগ। কোনোৱে মাছ কিনি বেগটো তাতেই পাহৰি যোৱা বুলি ভাৱি কাশেম গাজীয়ে আনি নিজৰ লগত ৰাখি থৈছিল। আনকি ব্যস্ততাৰ বাবে তেওঁ বেগটোৰ ভিতৰত কি আছে সেয়াও খুলি চোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল।

ইকানে সিকানে বেগটোৰ বিষয়ে কৈ কাশেমে সেইটো উভতাই দিয়াৰ চেষ্টা কৰিছিল যদিও কোনেও বেগটো বিচাৰি নহাত অৱশেষত তেওঁ ঘৰলৈ লৈ আহে আৰু খুলি চাই হতভম্ব হৈ পৰে।

টকাভৰ্তি এটা বেগ হাতত পাই স্বাভাৱিকতেই এজন ব্যক্তিৰ মন বিচলিত হ’ব পাৰে। কিন্তু কাশেমৰ তেনে নহ’ল। দৰিদ্ৰতাৰ মাজত জীৱন নিৰ্বাহ কৰিলেও বেগটো প্ৰকৃত মালিকক উভতাই দিয়াৰ চিন্তাই মনত ক্ৰিয়া কৰি থাকিল কাশেম গাজী আৰু তেওঁৰ পৰিয়ালৰ।

কাশেম গাজীয়ে বেগটো পত্নীৰ হাতত তুলি দি ভালকৈ থৈ দিবলৈ কয় আৰু পত্নীয়েও আলমিৰাৰ ভিতৰত সোমাই থয় টকা ভৰ্তি বেগটো।

এদিন দুদিনকৈ সময় পাৰ হৈ তিনিবছৰ অতিক্ৰম কৰে। এদিন কাশেম গাজীয়ে হঠাৎ বেগটো খুলি চাই ভিতৰত এখন দোকানৰ ৰছিদ প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁ সেই দোকানখনৰ সৈতে যোগাযোগ কৰি নিশ্চিত হয় যে দোকানখনৰ স্বত্বাধিকাৰী চম্পক নন্দীয়েই তিনিবছৰ পূৰ্বে হেৰুৱাইছিল বেগটো। তাৰ পিছতে কাশেম গাজীয়ে টকাৰ বেগটো অক্ষত অৱস্থাত চম্পক নন্দীৰ হাতত গতাই দিয়ে।

ইফালে, এনে ঘটনাত চম্পক নন্দী অবাক হৈ পৰে। তিনি বছৰৰ পিছত তেওঁ হেৰুওৱা টকাৰ বেগটো পুনৰ উভতাই পাই আনন্দ ব্যক্ত কৰে। লগতে কৃতজ্ঞতা জনায় কাশেম গাজীৰো।

আনহাতে কাশেম গাজীয়ে কয়, ‘কোৰোনাৰ সময়ত টকাৰ অভাৱ আছিল। কিন্তু ঘৰত ইমানখিনি টকা লৈ আমি ভালকৈ শুব পৰা নাছিলো। আমি কেতিয়াও সেই বেগৰ পৰা টকা এটাও খৰছ কৰাৰ কথা ভৱা নাছিলো। আমি কেৱল ভাৱিছিলো কিদৰে বেগটো উভতাই দিব পাৰো আৰু সকাহ অনুভৱ কৰিব পাৰো।’

কাশেমে দেখুওৱা এই মহানুভৱতাৰ বাবে বছিৰহাট আৰক্ষী থানাৰ আই চি সুৰিন্দৰ সিঙে সম্বৰ্ধনা জনাইছে। স্বাৰ্থপৰৰ পৃথিৱীত সততাৰে জীয়াই থকা কাশেম গাজীৰ দৰে ব্যক্তিয়ে সৃষ্টি কৰা আদৰ্শই মন জয় কৰিছে আন সকলৰো।

আৰ্থিক দৈন্যতাৰ সৈতে যুঁজিও আনৰ সম্পদ উভতাই দিয়াৰ মানসিকতাই স্বভাৱিকতে এক নজিৰ স্থাপন কৰিছে। তিনি বছৰৰ পিছত ৭০ হাজাৰ টকা ভৰ্তি বেগটো চম্পক নন্দীৰ হাতত গতাই দি স্বস্তিৰ নিশ্বাস এৰিছে কাশেম গাজী আৰু তেওঁৰ পৰিয়ালেও।

লগতে চাওকঃ

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

G1 29
মহানুভৱতা! ৩ বছৰ পূৰ্বে হেৰুওৱা টকাৰ বেগ উভতাই দিলে এগৰাকী সাধাৰণ মাছ বিক্ৰেতাই 4

Leave a Comment